তেজপুৰঃ ব’হাগ মাথো এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ
                  অসমীয়া কৃষ্টিৰ ই আয়ুষ ৰেখা জনজীৱনৰ ই সাহ ৷

অসমীয়া জনজীৱনৰ পূৰ্ণ প্ৰতিচ্ছবি ব’হাগ বিহু৷ ৰঙালীৰ উছাহত অসমীয়া জাতিৰ মন-প্ৰান উৎফুল্লিত হৈ পৰে৷ ৰঙালীৰ ৰঙত আত্মহাৰা হৈ থাকোতেই পাৰ হৈ গ’ল ব’হাগৰ তিনিটা দিন৷ আজি চাৰি ব’হাগ৷ আজিৰ দিনটো ৰাজ্যজুৰি আজি পালন কৰা হয় নাঙল বিহু হিচাপে৷

খেতিয়ক অসমীয়াৰ বিহু আজি৷ কৃষিপ্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষিকাৰ্যত ব্যৱহৃত সা-সজুঁলিসমূহৰ নামত উৎসৰ্গিত ব’হাগৰ চতুৰ্থ দিনটো৷ নাঙল বিহুৰ তাৎপৰ্য হ'ল ব'হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত পথাৰ উপচোৱা বৰষুণজাকৰ সৈতে খেতিৰ বাবে পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰে৷

সমগ্ৰ ৰাজ্যৰ লগতে আজি সাংস্কৃতিক নগৰী তেজপুৰতো বৰ উলহ-মালহেৰে নাঙল বিহুৰ পৰম্পৰা পালন কৰা দেখা যায়৷ তেজপুৰৰ বিভিন্ন অঞ্চলৰ কৃষিপ্ৰধান ৰাইজে নিজৰ অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰি নাঙল বিহু পালন কৰে৷ নাঙল, জুঁৱলি, জাপি, মৈ আদি কৃষিকাৰ্যত ব্যৱহৃত সজুঁলি সমূহৰ ওচৰত চাকি-ধূপ জ্বলাই সেৱা জনাই আজি তেজপুৰবাসীয়ে বৰ উলহ-মালহেৰে নাঙল বিহু পালন কৰা পৰিলক্ষিত হয়৷