
লালুকঃ নাওবৈছা সমষ্টিৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰা শিঙৰা নৈ বান সমস্যাক লৈ আজি পুনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ কৰে ৰাইজে৷
বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নাওবৈছা আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই পথ অবৰোধ কাৰ্যসূচীত নাওবৈছাৰ গেলা আহোমনি অঞ্চলত অবৈধ ভাৱে নিৰ্মাণ কৰা কৃষি বান্ধটোক মুকলি কৰি দি পূৰ্বৰ সুঁতিত বোৱাই দিয়াৰ দাৱী জনোৱাৰ লগতে শিঙৰা নৈ বান সমস্যাক বিজ্ঞান সন্মত সমাধানৰ দাৱী জনাই অবৰোধ কাৰী ৰাইজে৷
প্ৰায় দুই ঘণ্টা জুৰি কৰা অবৰোধ কাৰ্যসূচীৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো পাৰে বহু সংখ্যক যান বাহন আবদ্ধ হৈ পৰে৷ তাৎপৰ্যপূৰ্ণ কথা যে আহোমনি অংশত নিৰ্মাণ কৰা এটা কৃষি বান্ধক লৈ দুটা পক্ষৰ মাজত ব্যাপক অৰিয়া অৰি অব্যাহত আছিল৷
৮ জুনত বিষয়টো নিস্পতিৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত সকলো পক্ষৰ উপস্থিতিত আলোচনা মৰ্মে এক সিধান্তত উপনীত হৈছিল৷ তাৰ ফলশ্ৰুতিত উক্ত কৃষি বান্ধটোক অবৈধ ঘোষণা কৰি কাটি দিয়াৰ ব্যৱস্থা কৰিছিল৷
কিন্ত বান্ধটো কাটি দিয়াৰ পাছতো বানপানীৰ পৰিমাণ নকমাত ৰাইজৰ সন্দেহ উপজাত ৰাইজে অনুসন্ধান কৰি কাটি দিয়া বান্ধটো পুনৰ বন্ধ কৰি দিয়া দেখা পায়৷ একাংশ দুস্কৃতি কাৰীৰ এনে কাৰ্যৰ প্ৰতিবাদ জনাই ৰাইজে আজি পথ অবৰোধ কাৰ্যসূচী ৰূপায়ন কৰে৷ লগতে পাঁচ দফীয়া স্মাৰক পত্ৰ অবৰোধস্থলীত উপস্থিত থকা নাওবৈছা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰৰ জল সম্পদ মন্ত্ৰীলৈ প্ৰেৰণ কৰে৷