
newsnextone.com নগাঁওঃ বিশিষ্ট পণ্ডিত নাৰায়ণ চন্দ্ৰ শৰ্মাৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে। নগাঁও জিলাৰ বেবেজীয়া কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ তথা বেবেজীয়া নিবাসী নাৰায়ণ চন্দ্ৰ শৰ্মাৰ নিজ ঘৰতে মৃত্যুক আকোৱালি লয়৷
মৃত্যৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ৷ বৃহত্তৰ বেবেজীয়া অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱা লোকসকলৰ অন্যতম, আজীৱন শিক্ষাব্ৰতী নাৰায়ণ চন্দ্ৰ শৰ্মাৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।
এজন আদৰ্শ শিক্ষক, অত্যন্ত নিয়মানুবৰ্তী অধ্যক্ষ আৰু এগৰাকী সফল শিক্ষা প্ৰশাসক হিচাবে জনাজাত আছিল তেওঁ। ছাত্র-ছাত্ৰীৰ প্ৰতি অন্তৰত বৰ মৰম আছিল যদিও একেসময়তে আছিল অনুশাসনৰ প্ৰতি অতি সচেতন। ১৯২৭ চনত নগাঁৱৰ ঘাঁহী গাৱঁত প্ৰয়াত আনন্দ ৰাম শৰ্মা আৰু প্ৰয়াত আইকন শৰ্মাৰ ঔৰষত ওপজা শৰ্মাই কুৰুৱাবাহী প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি গুৱাহাটীৰ বি বৰুৱা কলেজত উচ্চশিক্ষা গ্ৰহণ কৰি স্নাতক ডিগ্ৰী লৈ শিক্ষকতাক জীৱনৰ ব্ৰত হিচাবে গ্ৰহণ কৰিছিল৷
বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে যোগদান কৰি একেখন শিক্ষানুষ্ঠানৰ পৰা ১৯৯১ চনত অধ্যক্ষ ৰূপে অৱসৰ লয়৷ তেওঁ এই শিক্ষানুষ্ঠানখনৰ উচ্চতৰ মাধ্যমিক শাখাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু এন চি চিৰো প্ৰশিক্ষক আছিল৷ এজন গ্ৰন্থকীট বুলি পৰিচিত শিক্ষাবিদগৰাকীয়ে দেশী বিদেশী বহু বিখ্যাত লেখকৰ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানসিক দিগন্ত আৰু জ্ঞানৰ পৰিধি প্ৰসাৰিত কৰিছিল।
সমসাময়িক ৰাজনৈতিক আৰু সামাজিক ঘটনাপ্ৰবাহৰ প্ৰতি তেওঁৰ নজৰ আছিল আৰু আলোচনা কালত সুচিন্তিত মতামত প্ৰকাশ কৰিছিল। তেওঁৰ বিয়োগৰ বতৰা পোৱাৰ লগে লগে অন্তিম শয়নত শেষ শ্ৰদ্ধা জনাবলৈ বাসগৃহত বহুলোকৰ সমাগম হয়৷ বিশিষ্ট শিক্ষাবিদগৰাকীৰ বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ পাঁচগৰাকী পুত্ৰ-বোৱাৰী, নাতি নাতিনীকে ধৰি ইষ্ট কুতুম্বক এৰি থৈ যায়৷