14
Aug
2017

নাৰায়ণপুৰঃ এক নৃশংস হত্যা কাণ্ডই জোকাৰি গ’ল শিমলুগুৰি। দেওবাৰৰ নিশা শিমলুগুৰিৰ ভদ্ৰ বৰুৱা নামৰ এজন যুৱ ব্যৱসায়ীক ডিঙি কাটি হত্যা কৰে দুৰ্বৃত্তই।
ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে শিমলুগুৰি অঞ্চলত। সোমবাৰে পুৱা শিমলুগুৰি-হাৱাজান গড়কাপ্তানী পথৰ দাঁতিত মৃতদেহটো পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
লগে লগে ঘটনাৰ সন্দৰ্ভত শিমলুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনো লোকক আটক কৰিব পৰা নাই। ব্যৱসায়িক কাৰণতে হত্যাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে।