
কোকৰাঝাৰঃ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সহযোগত ৰাজ্যত বসৱাস কৰা নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি দিচপুৰ লাষ্ট গেটত দুইঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহন কৰা হয়।
আজি পুৱা ১১ বজাৰ পৰা ১ বজালৈ দিছপুৰ লাষ্ট গেটত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত বিটিএডিৰ চাৰিওখন জিলাৰ পৰা কেবাশতাধিক সন্থাৰ সদস্যই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহন কৰি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে । সন্থাৰ কেবাশতাধিক সদস্যই হাতে হাতে প্লে-কাৰ্ড লৈ ন' এচ টি ন' ৰেষ্ট , জনজাতিকৰণ আমাক লাগিবই, আমাৰ দাবী নাৰ্য দাবী আদি ইত্যাদি শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰাৰ পিছত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু নাথ যোগী জনজাতি আৰু স্বায়ত্বশাসিত দাবী পৰিষদ সমিতিয়ে যৌথভাৱে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষণ নাথ আৰু সাধাৰণ সম্পাদক অৰবিন্দ নাথ , নাথ যোগী জনজাতি আৰু স্বায়ত্বশাসিত দাবী পৰিষদ সমিতিৰ সভাপতি ডম্বৰুধৰ নাথ আৰু সাধাৰণ সম্পাদক দিলীপ নাথ স্বাক্ষৰিত স্মাৰকপত্ৰ অনুসৰি সংবিধানৰ ৩৪২ নং অনুচ্ছেদৰ আধাৰত নাথ যোগী জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, জনগোষ্ঠীটোৰ সৰ্বাংগীণ বিকাশৰ স্বাৰ্থত ৰাজ্যৰ ভৌগলিক পৰিসীমাৰ ভিতৰত উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰা, ৰাজ্যৰ স্বায়ত্বশাসিত পৰিষদসমুহত কমেও এজনকৈ নাথ যোগী জনগোষ্ঠীৰ লোকক মনোনীত কৰা, নাথ যোগী উন্নয়ন পৰিষদলৈ বছৰি ২৫ কোটিকৈ অনুদান আগবঢ়োৱাকে ধৰি আন কেবাটাও দাবী স্মাৰকপত্ৰত সন্নিবিষ্ট কৰিছে।
ইপিনে ধৰ্ণা কাৰ্যসূচীৰ অন্তত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে অসমৰ ৪৩ লাখ নাথ যোগী জনগোষ্ঠীৰ নাৰ্য দাবীৰ প্ৰতি গুৰুত্ব আৰোপ নকৰিলে সন্থা থমকি নৰয় আৰু অনাগত সময়ছোৱাত দিল্লীলৈকে আন্দোলন প্ৰসাৰিত কৰিবলৈ সাজু বুলি মন্তব্যৰে চৰকাৰৰ শোষণ , বঞ্চনাই জনগোষ্ঠীটোক ক্ৰমান্বয়ে হতাশালৈ ঠেলি দিছে বুলি মন্তব্য কৰিছে ।