কোকৰাঝাাৰঃ গুৱাহাটীৰ পল্টন বজাৰস্থিত ৰাষ্ট্রীয় মজদুৰ কংগ্ৰেছৰ প্ৰেক্ষাগৃহত ৰাজ্যখনৰ বিভিন্ন স্থানৰ শতাধিক যুৱ-ছাত্ৰৰ উপস্থিতিত কালি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ এক সাধাৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাতে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তদৰ্থ সমিতিখন ভংগ কৰি  এখনি পূৰ্ণাংগ কাৰ্যকৰী সমিতি গঠন কৰা হয়।

গোৱালপাৰা জিলাৰ লক্ষণ নাথক সভাপতি আৰু কোকৰাঝাৰ জিলাৰ অৰবিন্দ নাথক সৰ্বসন্মতি ক্ৰমে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত কৰা হয়। অসমত বসবাস কৰা প্ৰায় চল্লিশ লক্ষাধিক নাথ যোগীৰ নিজস্ব পৰিচয় , সামাজিক আৰু ৰাজনৈতিক অধিকাৰ তথা অস্তিত্ব সম্পৰ্কত বিতংভাৱে আলোচনা কৰাৰ অন্তত কেবাটাও প্ৰস্তাৱ সৰ্ব সন্মতি ক্ৰমে গ্ৰহণ কৰা হয়।

সেই অনুসৰি বৰ্তমান অসমৰ জনগোষ্ঠীয় পটভূমি লগতে বহিৰাগত আৰু বিদেশী নাগৰিকৰ অবাধ প্ৰৱজনৰ ফলত উদ্ভৱ হোৱা  অসমৰ প্ৰাচীন তথা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমিৰ অধিকাৰ আৰু ভৱিষ্যত নিৰাপত্তাৰ বাবে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত নাথ যোগী সকল জনজাতিৰ তালিকা ভূক্ত হৈ সংবিধানৰ ষষ্ঠ অনুসুচীৰ অন্তৰ্ভূক্ত হোৱাৰ বাহিৰে আন কোনো গত্যন্তৰ নাই আৰু সেয়েহে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ স্বাধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ দাবীত জনজাতিকৰণৰ বাবে দীঘলীয়া সংগ্ৰাম চলাই যাব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে।

এই সংগ্ৰাম কাইলৈ অৰ্থাৎ ৫ ছেপ্তেম্বৰত দিনৰ ১১ বজাৰ পৰা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই নাথ যোগীসকলৰ জনজাতিকৰণৰ দাবীত দিছপুৰ লাষ্ট গেটত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰেই সংগ্ৰাম আৰম্ভ কৰিব বুলি সন্থাৰ নৱনিৰ্বাচিত সম্পাদক অৰবিন্দ নাথে ঘোষণা কৰিছে।