Image for Representation
Image for Representation

কোকৰাঝাৰঃ জনজাতিকৰণৰ দাবীত ৰাজ্যত ছয় জনগোষ্ঠীয়ে আন্দোলন অব্যাহত ৰখাৰ সময়তে এইবাৰ ৰাজ্যৰ অতি প্ৰাচীন জনগোষ্ঠী হিচাপে বিবেচিত নাথ-যোগীসকলক জনজাতিকৰণৰ দাবীত এইবাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাই।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে কয় যে নাথ যোগী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী নতুন নহয় যদিও কোনো দল সংগঠন কিম্বা চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই।

ভয়াৱহ আন্দোলনৰে ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি নঘটালৈকে চৰকাৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰাটো চৰকাৰৰ এক নীতিত পৰিণত হৈছে আৰু সেয়েহে এইবাৰ নাথ যোগী জনগোষ্ঠীৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ লাভ কৰিবলৈ কিছু আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

তেনে এক কাৰ্যসূচী মৰ্মে অহা ২৪ আগষ্টৰ দিনাখন বিটিএডিৰ সদৰ কোকৰাঝাৰত নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰি সন্থাৰ সম্পাদক অৰবিন্দ নাথে কয় যে জনজাতিকৰণৰ দাবীত আৰম্ভ হোৱা এই আন্দোলন কাহানিও থমকি নৰয় আৰু প্ৰাপ্য মৰ্যাদা নোপোৱালৈকে সংগ্ৰাম অব্যাহত থাকিব। 

উল্লেখ্য যে, সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা কমিটিৰ সহযোগত অহা ২৪ আগষ্টত নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নিকটত ৰাতিপুৱা ১০ বজাৰ অনুষ্ঠিত হ'বলগীয়া তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সম্প্ৰদায়টোৰ লোকসকলক হিলদল ভাঙি যোগদান কৰিবলৈ আহ্বান জনাইছে সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে।