
কোকৰাঝাৰঃ ৰাজ্যত বসৱাস কৰা নাথ যোগীসকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক দিশত সৰ্বাংগীণ বিকাশৰ স্বাৰ্থত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ৩৪২ নং অনুচ্ছেদৰ আধাৰত প্ৰায় ৮ হেজাৰ বছৰ পুৰণি প্ৰাচীন ইতিহাস সমৃদ্ধ নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰ সমৰ্থনত আজি কোকৰাঝাৰ সদৰ চহৰত সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়।
সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা কমিটিৰ সহযোগত কোকৰাঝাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নিকটত ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত বিটিএডিৰ চাৰিওখন জিলাৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহন কৰে। জনজাতিকৰণৰ দাবীকে ধৰি আন কেবাটাও দাবীৰ সমৰ্থনত আজি কোকৰাঝাৰ সদৰ চহৰত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।
জনজাতিকৰণ আমাৰ ন্যায্য দাবী, ন এছ টি ন ৰেষ্ট, নাথ যোগী ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগানেৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত হোৱা তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰী , ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক জনজাতিকৰণৰ দাবীকে ধৰি আন ছয়দফীয়া দাবীৰ সমৰ্থনত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি প্ৰণৱ নাথ আৰু সম্পাদক অৰবিন্দ নাথ স্বাক্ষৰিত উক্ত স্মাৰকপত্ৰ অনুসৰি সংবিধানৰ ৩৪২ নং অনুচ্ছেদৰ আধাৰত শীঘ্ৰেই নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা, নাথ যোগী জনগোষ্ঠীৰ বাবে উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা, স্বায়ত্বশাসিত পৰিষদসমূহত নাথ যোগী জনগোষ্ঠীৰ পৰা কমেও এজনকৈ কাৰ্যবাহী সদস্য মনোনীত কৰা, ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত ভাৰতবৰ্ষৰ যোগসাধন মাৰ্গৰ প্ৰধান পথ প্ৰদৰ্শক মহাযোগী মৎস্যেন্দ্ৰনাথ, গুৰু গোৰক্ষনাথ আৰু প্ৰখ্যাত সাহিত্যিক তথা প্ৰত্নতত্ববিদ ৰাজমোহন নাথৰ নামত একোখনকৈ সন্মানীয় আসনৰ ব্যৱস্থা কৰা, অসম লোকসেৱা আয়োগত নাথ যোগী সম্প্ৰদায়ৰ পৰা কমেও এজন সদস্য অন্তৰ্ভূক্তি কৰা, নিগম-নিকায়সমূহত নাথ যোগী সম্প্ৰদায়ৰ শিক্ষিত ব্যাক্তিক অধ্যক্ষ-উপাধ্যক্ষ পদত নিযুক্তি দিয়া আৰু বিটিএডিৰ ভৌগলিক পৰিসীমাৰ ভিতৰত হত্যা, হিংসা, অপহৰণ আৰু ধনদাবী বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে।
জনজাতিকৰণকে ধৰি আন কেবাটাও দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচীৰ অন্তত সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে কয় যে দেশৰ স্বাধীনতাৰ পিছত এতিয়ালৈকে অসম বিধানসভালৈ মাত্ৰ ছয় গৰাকীয়ে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে অথচ দেশৰ সংকটৰ সময়ত নাথ যোগী সকলে দেশৰ হকে দিয়া আত্মবলিদানৰ গৌৰৱোজ্জ্বল ইতিহাস আছে। পথৰুঘাটৰ কৃষক বিদ্ৰোহত ১৪০ শ্বহীদৰ ভিতৰত ২৮ গৰাকী শ্বহীদেই নাথ যোগী জনগোষ্ঠীৰ হোৱাৰ বিপৰীতে ভাৰত ত্যাগ আন্দোলনত ১৩ শ্বহীদৰ ভিতৰত ৫ গৰাকী শ্বহীদ আৰু বিদেশী বহিষ্কৰণ আন্দোলনত ৮৫৫ শ্বহীদৰ ভিতৰত ১৪০ গৰাকী নাথ যোগী জনগোষ্ঠীৰ শ্বহীদে নিজৰ প্ৰাণাহুতি দিয়াৰ অতুলনীয় দৃষ্টান্ত থকাৰ পিছতো নাথ যোগী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অৰবিন্দ নাথে সাংবিধানিক অধিকাৰৰ হকে সন্থাই নিৰবচ্ছিন্নভাৱে আন্দোলন চলাই নিব বুলি মন্তব্য প্ৰকাশ কৰিছে।
জনজাতিকৰণৰ দাবীত আৰম্ভ হোৱা এই আন্দোলন কাহানিও স্তব্ধ নহয় আৰু প্ৰাপ্য সাংবিধানিক মৰ্যদা নোপোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে সন্থাৰ সম্পাদক অৰবিন্দ নাথে।
উল্লেখ্য যে আজিৰ ধৰ্ণা কাৰ্যসূচীত নাথ যোগী সন্মিলনীৰ নেতা কৰ্মীৰ লগতে সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ উপৰিও বিটিএডিৰ চাৰিওখন জিলাৰ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।