কোকৰাঝাৰঃ যোৱা ৩১ ডিচেম্বৰৰ মাজনিশা এনআৰচিৰ প্ৰথম খন খচৰা প্ৰকাশ কৰাৰ পিছতে ৰাজ্যজুৰি পৰীক্ষণ কাৰ্য চলি আছে৷ তাৰ মাজতে, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু বিটিএডি নাথ যোগী সন্মিলনীৰ এটা প্ৰতিনিধি দল বুধবাৰে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰে৷

এনআৰচিৰ কাম-কাজ যথাসম্ভৱ নিয়াৰীকৈ সম্পন্ন কৰাৰ বাবে হাজেলাক জাতীয় গামোচা, শৰাইৰে সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে। নাথ যোগী ছাত্ৰ সন্থা আৰু বিটিএডি নাথ যোগী সন্মিলনীৰ প্ৰতিনিধি দলটোৱে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা কোনোপধ্যে বাদ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আহ্বান জনায়।

এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষণ নাথ আৰু সম্পাদক অৰবিন্দ নাথ, বিটিএডি নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথ, কোকৰাঝাৰ উত্তৰখণ্ড আঞ্চলিক নাথ যোগী সন্মিলনীৰ সম্পাদক বকুল নাথ প্ৰমুখ্যে প্ৰতিনিধি দলেটোৱে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি কেবাদফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰও প্ৰদান কৰে।

স্মাৰকপত্ৰ যোগে খিলঞ্জীয়া নাথ যোগীসকলক ধাৰা ৩ (৩)ৰ অধীনত অন্তৰ্ভূক্তি কৰা, প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্তি কৰা, প্ৰাৰম্ভিক খচৰা তালিকাত ভুলভাৱে প্ৰকাশিত হোৱা লোকৰ নাম আৰু গাঁৱৰ নামসমুহ চুড়ান্ত তালিকাত শুদ্ধভাৱে প্ৰকাশৰ নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰাকে ধৰি আন কেবাটাও দাবী উত্থাপন কৰে। এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কোনো প্ৰকৃত ভাৰতীয়ৰ নাম বাদ নপৰে বুলি প্ৰতিনিধি দলটোৰ আগত সদৰি কৰি যথাসম্ভৱ নিয়াৰিকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম অব্যাহত ৰখা হৈছে বুলি জানিবলৈ দিয়ে প্ৰতিনিধি দলটোক।