কোকৰাঝাৰঃ সদৌ কোকৰাঝাৰ জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজান তিনালীত অসমৰ বানপানীত প্ৰাণ হেৰুওৱা আৰু অমৰনাথ যাত্ৰাত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুওৱা নিহতৰ আত্মাৰ সদ্গতিৰ বাবে বালাজান তিনালীত বন্তি প্ৰজ্বলন কৰে ।

বালাজান তিনালীত কোকৰাঝাৰ জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত নিহতৰ আত্মাৰ চিৰশান্তিৰ বাবে অনুষ্ঠিত হোৱা বন্তি প্ৰজ্বলন অনুষ্ঠানৰ পিছতে  সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে বানপানীত মৃতকৰ সংখ্যা বঢ়াৰ বাবে চৰকাৰক দোষাৰোপ কৰে।

বানপানী ষদিও এক প্ৰাকৃতিক দূৰ্যোগ তথাপিও চৰকাৰে উপযুক্ত কাৰ্যব্যৱস্থা নোলোৱাৰ বাবেই মৃতকৰ সংখ্যা বঢ়া বুলি অভিযোগ কৰি অৰবিন্দ নাথে শক্তিমন্ত্ৰীৰ ব্যৰ্থতাকো ক্ষুৰাধাৰ সমালোচনা কৰে।

শক্তিমন্ত্ৰীৰ গাফিলতিক সকীয়াই দি মন্ত্ৰীগৰাকীৰ ব্যৰ্থতাক সহ্য কৰা নহ'ব বুলিও মন্তব্য কৰে বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে। আজিৰ অনুষ্ঠানত জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি মনোজ নাথকে ধৰি প্ৰায় শতাধিক ৰাইজেও অংশগ্ৰহন কৰে।