কোকৰাঝাৰঃ যি সময়ত বানত সৰ্বস্বান্ত হৈ দুজনকৈ কৃষকে আত্মহত্যা কৰিছে তেনে সময়তে নৰন্দ্ৰে মোদী চৰকাৰে অসমৰ কৃষকলৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ সলনি গুজৰাটলৈ বিশাল অংকৰ ধন বান সাহায্য হিচাপে আগবঢ়োৱা কাৰ্যই প্ৰকৃততে কেন্দ্ৰই যে অসমক এতিয়াও মাহী আইৰ দৃষ্টিৰে চাই সেয়া তাৰেই বহি:প্ৰকাশ। এই মন্তব্য কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে। 

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে উক্ত মন্তব্য প্ৰকাশ কৰি বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। বিবৃতিত নাথে কয় যে মৰিগাঁও জিলাৰ বৰদোৱাটুপৰ অস্থায়ী বান শিবিৰত থকা কুশল নাথ যোৱা ২২ জুলাইত বানৰ ফলত ভেটি, মাটি হেৰুৱাই সৰ্বস্বান্ত হৈ আত্মহত্যা কৰিছিল। ইয়াৰ পিছত পুনৰাই পাটেল চৌহান নামৰ আন এজন কৃষকে বানত সৰ্বস্বান্ত হৈ আত্মহত্যা কৰে।

অৰ্ধশতাধিক লোকে ভয়াৱহ বানত প্ৰাণ হেৰুৱালে যদিও বিজেপি চৰকাৰে কাৰ্যক্ষেত্ৰত একোৱেই কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও তেওঁ ক্ষোভ উজাৰে। চৰকাৰৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি নিহতৰ নিকটাত্মীয়ক ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই অৰবিন্দ নাথে অতি শীঘ্ৰেই বানপানীত নিহত হোৱা , বানপানীত সৰ্বস্বান্ত হৈ আত্মহত্যা কৰা আৰু বানপানীৰ ফলত বিদ্যুতপৃষ্ঠ হৈ নিহত হোৱা লোকসকলৰ প্ৰতিটো পৰিয়ালৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি কটাক্ষ কৰি নাথে কয় যে এসময়ৰ জাতীয় নায়কে আজি মাথো বৈঠকৰ আয়োজন কৰিয়েই পৰিৱৰ্তনৰ সপোন দেখিছে। বানপানীৰ ফলত মৃত্যুবৰণ কৰা লোকসকলক ১০ লাখকৈ ক্ষতিপূৰণ নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰি বানপানীত ভেটি, মাটি হেৰুৱাই সৰ্বস্বান্ত হৈ আত্মহত্যা কৰা কৃষকৰ পৰিয়াললৈ মাটিৰ আৱণ্টন দিবলৈও দাবী উত্থাপন কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে।