কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ জয়পুৰ মঙ্গলাঝোৰা হাইস্কুল খেলপথাৰ প্ৰাংগণত আজি আদিবাসী জাতীয় অভিৱৰ্তন চমুকৈ এএনচিৰ উদ্যোগত ১৬২ তম ৰাষ্ট্ৰীয় আদিৱাসী সংহতি দিৱস তথা হুল দিৱস উদযাপন কৰা হয়। জয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আদিৱাসী সংহতি দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰী ফাগ্গাান সিং কুলাস্তিয়ে  আদিৱাসীসকলৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন জনায়।

ভাৰতৰ আন ৰাজ্যত আদিৱাসী সকল জনজাতিকৰণৰ মৰ্যদা ভোগ কৰি আছে অথচ অসমত বসৱাস কৰা আদিৱাসীসকল জনজাতিকৰণৰ বাবে আন্দোলন কৰি আছে বুলি মন্তব্য কৰি এক ৰাষ্ট্ৰত এক নিয়মৰ পোষকতাা কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ফাগ্গান সিং কুলাস্তিয়ে।

অৱশ্যে চাহ জনগোষ্ঠী বুলি কোনো জাতি নাই বুলি তাপপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ৰাজ্য চৰকাৰৰ অনুমোদন সুকীয়া সুকীয়া কৈ অৰ্থাৎ চাওতাল , মুণ্ডা , ওৰিয়া, কুৰুক আদি ইত্যাদিৰ বাবে সুকীয়া সুকীয়াকৈ অনুমোদন দাখিল কৰিবলৈ ৰাাজ্য চৰকাৰৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় মন্ত্ৰী কুলস্তিয়ে।

আদিৱাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সতে আলোচনা কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী কুলস্তিয়ে এইক্ষেত্ৰত বিষয়টো প্ৰধানমন্ত্ৰীকো অৱগত কৰাব বুলি সদৰি কৰিছে । ইপিনে ৰাষ্ট্ৰীয় আদিৱাসী সংহতি দিৱসত উপস্থিত থাকি  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি আদিৱাসীৰ জনজাতিকৰণৰ বিষয়টোক লৈ বিটিচি চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিছে।

আদিৱাসীক জনজাতিকৰণৰ ক্ষেত্ৰত মুকলি সমৰ্থন আগবঢ়াই হাগ্ৰামা মহিলাৰীয়ে জনজাতিকৰণৰ ক্ষেত্ৰত  বিটিচি চৰকাৰৰ পূৰ্ণ সমৰ্থন আছে বুলি ভাষণত উল্লেখ কৰি এইক্ষেত্ৰত তেওঁ সকলো ধৰণৰ সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰিছে।

ইয়াৰোপৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰিলে পৰবৰ্তী পৰ্যায়ত আদিৱাসী জনতাৰ বিশ্বাস ঘূৰাই অনাটো কঠিন কাৰ্য হব বুলি মন্তব্যৰে মহিলাৰীয়ে জনজাতিকৰণৰ বিষয়টো সমাধান কৰিবলৈ তেওঁ আদিৱাসীৰ নেতা সকলক লৈ নতুন দিল্লীলৈ উৰা মাৰিব বুলি মন্তব্য প্ৰকাশ কৰে। 

১৬২তম ৰাষ্ট্ৰীয় আদিৱাসী সংহতি দিৱস উপলক্ষে মঙ্গলাঝোৰা জয়পুৰ হাইস্কুল প্ৰাংগনৰ বিশাল খেলপথাৰত অনুষ্ঠিত হোৱা লোকে লোকাৰণ্য সভাত অৱসৰপ্ৰাপ্ত আইএএচ বিষয়া এএনচিৰ অধ্যক্ষ ৰামানুজ হৰোই নিজ ভাষণত আদিৱাসীৰ ইতিহাস বৰ্ণনা কৰি জনগোষ্ঠীটো শোষণ বঞ্চনাৰ বলি হোৱা বুলি উল্লেখ কৰে।

উক্ত সভাতে আদিৱাসী জাতীয় অভিবৰ্তনৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই অতি শীঘ্ৰে আদিৱাসীসকলক জনজাতিকৰণ নকৰিলে ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ প্ৰদান কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি আনানিয়াছ হেমব্ৰম, শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে চাওতালী সাহিত্য সভাৰ সভাপতি মোছেৰাম মাৰাণ্ডী, বৃক্ষৰোপণ কৰে জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী আৰু ৰামানুজ হৰোই। প্ৰেম হাসদাই আদৰণি ভাষণ দিয়া আজিৰ সভাত কুৰুক সাহিত্য সভাৰ সভাপতি কমলেশ্বৰ টপ্প, এএনচিৰ অন্তৰ্গত দল-সংগঠনৰ নেতৃবৰ্গকে ধৰি প্ৰায় ৩০ হাজাৰোধিক জনতাই অংশগ্ৰহণ কৰে।