newsnextone.com।যোৰহাটঃ যোৰহাট নগৰৰ সমীপৱৰ্তী চাৰিগাওঁ অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৫জন লোক গুৰুতৰভাবে আহত হয়।

আজি পুৱা প্ৰায় ৬:৩০ বজাত গোলাঘাট দিশৰ পৰা শিৱসাগৰ দিশলৈ গৈ থকা এএছ-০৫এইচ-১৯০০ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ী খনক পিছ ফালৰ পৰা অহা তীব্র বেগী বাহনে খুন্দা মৰাৰ ফলত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ' খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাটোত গাড়ীখনত থকা পাঁচ জন আৰোহী গুৰুতৰ ভাবে আহত হয়। আটাইকেইজন লোককে সংকটজনক অৱস্থাত স্থানীয় ৰাইজে  যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে।

 

বিঃদ্ৰঃ : কোনো ব্যক্তিয়ে গাড়ী খনৰ নম্বৰ চিনাক্ত কৰিব পাৰিলে পৰিয়ালটোৰ আত্মীয়ক খবৰ দিয়ে যেন !