
চৰাইদেউঃ কেৱল উন্নয়নৰ ঢাক-ঢোল বজাই সভা-সমিতি আয়োজন কৰা, বৰ বৰ বিজ্ঞাপন দিয়া আৰু টিভি ষ্টুডিঅ'ত বিকাশ কৰা বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰেই জনসাধাৰণৰ দুখ-কষ্টৰ ক্ষেত্ৰত উদাসীন। এই অভিযোগ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ৷
সংগঠনটোৱে এক বিবৃতিযোগে চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথ জৰাজীৰ্ণ হৈ যাতায়তৰ বাবে অনুপযোগী হৈ পৰাত ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দুৰৱস্থাই প্ৰকৃততে বিকাশ, উন্নয়ন আৰু নিকা প্ৰশাসনৰ ঢাক-ঢোল-শঙ্খ বজাই থকা বিজেপি শাসিত কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰৰ ফোঁপোলা স্বৰূপটো উদঙাই দিয়া বুলি দাবী কৰে সংগঠনটোৱে।
সংগঠনটোৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে স্বাক্ষৰ কৰা বিবৃতিত সম্প্ৰতি ৩৭নং, ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ লগতে ৰাজ্যখনৰ মাজেৰে পাৰ হৈ যোৱা প্ৰতিটো ঘাইপথেই জহি-খহ গৈ বৰ বৰ গাঁতৰ বাবে যাতাযাতৰ বাবে অনুপযোগী হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। চৰকাৰৰ অমনোযোগিতা আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিয়াগোম দুৰ্নীতি-কেলেংকাৰীৰ পৰিণতিত সাধাৰণ ৰাইজে এই যন্ত্ৰণা ভূগিবলগীয়া হৈছে বুলিও সংগঠনটোৱে উল্লেখ কৰে।
উল্লেখ্য যে, ৩৭নং ৰাষ্ট্রীয় ঘাইপথটো ফৰলেনযুক্ত কৰাৰ কাম আৰম্ভ কৰি নগাঁৱলৈ সম্পূৰ্ণ কৰা হৈছে যদিও নগাঁৱৰ পৰা তিনিচুকীয়ালৈকে পথটোৰ জৰাজীৰ্ণ অৱস্থা। ফৰলেনলৈ উন্নীত কৰাৰ অজুহাতত ঘাইপথটো বহুবছৰৰ পৰা তিলমানো মেৰামতি নকৰাৰ ফলত পথটোত বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ লগতে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
বিবৃতিটোত সংগঠনটোৱে উল্লেখ কৰে যে বিভাগীয় নিয়ম অনুসৰি এটা ৰাষ্ট্ৰীয় ঘাইপথ ফৰলেনলৈ উন্নীতকৰণৰ কাম চলি থাকিলেও বাকী পথছোৱা মেৰামতি কৰি যাতায়তৰ বাবে সূচল কৰি ৰখাৰ দায়িত্ব নিৰ্মাণৰত প্ৰতিষ্ঠানটোৱে ল'ব লাগে। কিন্তু ৩৭নং ঘাইপথটোৰ নগাঁৱৰ পৰা তিনিচুকীয়ালৈকে কৰ্তৃপক্ষই মেৰামতিৰ ব্যৱস্থা কৰা নাই। সেইদৰে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ ৫২নং ৰাষ্ট্রীয় ঘাইপথৰ অৱস্থাও তথৈবচ বুলি সংগঠনটোৱে বিবৃতিত উল্লেখ কৰে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চৰকাৰৰ এনে অকৰ্মণ্যতা আৰু উদাসীনতাক গৰিহণা দিয়ে। সংগঠনটোৱে ৰাষ্ট্ৰীয় ঘাইপথকেইটাৰ লগতে অন্যান্য জৰাজীৰ্ণ ঘাইপথসমূহ মেৰামতিৰ দাবীত অহা ১০ জুলাইত ২ ঘন্টীয়া ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বিবৃতিটোত উল্লেখ কৰে।
পৰিষদৰ জিলা সমিতিসমূহে ২ ঘন্টাৰ বাবে ৰাইজৰ সহযোগত ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষক স্মাৰক-পত্ৰ প্ৰদান কৰিব। এই কাৰ্যসূচীৰ পিছতো চৰকাৰে ৰাষ্ট্রীয় ঘাইপথসমূহ মেৰামতিৰ ব্যৱস্থা নকৰিলে অনাগত দিনত ইয়াতেকৈ অধিক কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে সংগঠনটোৱে।