
মোৰাঝাৰঃ হোজাই জিলাৰ ভিতৰত অন্যতম শক্তিশালি সংবাদিকৰ মঞ্চ ডবকা প্ৰেছক্লাব আৰু হোজাই জিলা প্ৰশাসনে এইবাৰ অতি জাকজমকতাৰে ১৬নৱেম্বৰৰ দিনা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপিত হবলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কাৰ্যসুচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে হোজাই জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰথাপ সিং, বিশিষ্ট সাংবাদিক জিয়াউৰ ৰহমান আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক ডি বৰা আৰু অসমৰ এক অগ্ৰণী স্বেচ্চাসেৱী অনুষ্ঠান আজমল ফাউণ্ডেশ্বনৰ প্ৰৱন্ধক খছৰুল ইছলাম৷
সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব হোজাইৰ আৰক্ষী অধীক্ষক দেৱজ্যোতি মুখাৰ্জী, অতিৰিক্ত উপায়ুক্ত অনিমেষ তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত অৰূপ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া তথা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা, দক্ষিণ নগাওঁ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া শ্বফিকুৰ ৰহমান আৰু ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনুসূয়া শৰ্মা৷
কাৰ্যসূচীৰ অংশ হিচাপে পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব প্ৰেছক্লাবৰ সভাপতি আব্দুল হান্নান তালুকদাৰে৷ ৮.১৫ বজাত শ্বহীদ তৰ্পন কৰিব প্ৰতিষ্ঠাপক সভাপতি তথা বৰ্তমানৰ উপদেষ্ঠা মাহমুদ হুছেইন আৰু প্ৰেছক্লাবৰ সাধাৰণ সম্পাদক বাবুল হুছেইন তালুকদাৰে৷ পুৱা ৯ বজাত বিশিষ্ট শিক্ষক তথা ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত পুজাৰীয়ে বৃক্ষ ৰোপন কৰিব আৰু তাৰ পিছত কিছু গুৰুত্ব পূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ’ব৷