19
Apr
2017

তেজপুৰঃ কিতাপৰ পঢ়ুৱৈৰ আগ্ৰহ কমা নাই তেজপুৰত। ১৯৬০ চনত তেজপুৰৰ ডিপোটা বামুণ চুবুৰিৰ কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত জন্ম হোৱা নৱজ্যোতি যুৱক সংঘ পুথিভঁৰালে এই সফলতাৰে ৫০ বছৰীয়া জয়যাত্ৰা উপলক্ষে আয়োজন কৰিছে এক বৰ্ণাঢ্য কাৰ্যসূচী।
৫ বহাগৰ দিনা আৰম্ভ কৰা পুথিভঁৰালৰ সোণালী জয়ন্তী সমাৰোহ আজি পতাকা উত্তোলনৰে আৰম্ভ কৰে ৰজনী শইকীয়াই। ইফালে সোণালী জয়ন্তীৰ তোৰণ উদ্বোধন কৰে যোগেশ্বৰ কলিতাই আৰু স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে সমাজকৰ্মী সুনিল শইকীয়াই।
সোণালী জয়ন্তী উপলক্ষে অঞ্চলটোৰ ৫০ জন লোকৰদ্বাৰা পতাকা উত্তোলন কৰা হয়। আনহাতে সোণালী জয়ন্তী উপলক্ষে উলিওৱা শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে চুবুৰিৰ সভাপতি কামেশ্বৰ দাসে।