newsnextone.com | ডিজিটেল ডেস্কঃ ২০০৮ চনৰ নৱেম্বৰ মাহক ভাৰতৰ লোকে কেনেকৈ পাহৰিব পাৰিব৷ সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচলাই মুম্বাইত ১৬৪ গৰাকী নিৰপৰাধী লোকক হত্যা কৰিছিল৷ এই কাণ্ডত পাকিস্তান চৰকাৰ জৰিত থকা বুলি ভাৰতে বাৰে বাৰে দাবী কৰি আহিছে যদিও পাকিস্তানে এই দাবীক নস্যাৎ কৰি আহিছে৷ কিন্তু সত্যক যে লুকাই থব নোৱাৰি সেই কথা পাকিস্তানে হয়তো জনা নাছিল৷ এই কাণ্ডৰ সৈতে জৰিত আছিল লস্কৰ-ই-তৈবা৷

এই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদ আজিও পাকিস্তানত মুকলিকৈ ঘুৰা-ফুৰা কৰে৷ এই আক্ৰমণত পাকিস্তান সেনাও জৰিত আছিল বুলি ভাৰতে দাবী কৰি আহিছে৷ প্ৰমাণো দিছে ভাৰত চৰকাৰে৷ কিন্তু সকলোবোৰ তথা অস্বীকাৰ কৰিলেও পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে একপ্ৰকাৰ স্বীকাৰ কৰে সেই তথা৷

ডন কাকতত দিয়া সাক্ষাতকাৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে কয় ‘‘পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বাৰে বাৰে কৈছিল আমাক সীমান্তৰ সীপাৰে মুম্বাইলৈ গৈ ১৫০ গৰাকী লোকক হত্যা কৰিব দিয়া উচিত৷’’ নৱাজ শ্বৰীফে আৰু কয় যে সন্ত্ৰাসবাদী পাকিস্তানে প্ৰেৰণ কৰিছিল৷ তাৰ বাবে দায়ী পাকিস্তান৷

আদালতত এই ৰায়ৰ শুনানি অনুষ্ঠিত নকৰাত এয়া উচিত নহয় বুলি কৈ এই গোচৰ কিয় শেষ কৰিব পৰা নাই বুলি কৈ পৰিস্থিতি প্ৰতিকুল পৰিস্থিতিৰ কথা কয়৷

২০০৮ চনত সমুদ্ৰ তীৰেৰে মুম্বাইত উপস্থিত হৈছিল ১০ পাকিস্তানী সন্ত্ৰাসবাদী৷ জ্যেষ্ঠ আৰক্ষী বিষয়া, আৰক্ষী জোৱান, এনএছজি কমাণ্ডো সহ ১৬৪গৰাকী লোকৰ মৃত্যু হৈছিল৷ এই আক্ৰমণৰ একমাত্ৰ জীৱীত সন্ত্ৰাসবাদী আজমল কাছভক ২০১২ চনৰ ২১ নৱেম্বৰত ফাঁচী দিছিল৷ এই আক্ৰমণৰত পাকিস্তানৰ হাফিজ ছঈদ জৰিত থকাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও তথ্যৰ অভাৱত মুকলি কৰে পাকিস্তানৰ আদালতে৷