
কোকৰাঝাৰঃ নেশ্যনেল বড়ো খ্ৰীষ্টিয়ান কাউন্সিলৰ উদ্যোগত অনুষ্ঠিত হোৱা ঐক্যৰ উৎসৱৰ অাজি অন্তিম দিনৰ কাৰ্যসূচীত বেচৰগাঁও জনসমুদ্ৰত পৰিণত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও বহি:ৰাজ্য পশ্চিমবঙ্গ , তামিলনাডু , কেৰেলাৰ পৰা অহা প্ৰতিনিধিয়ে ঐক্যৰ উৎসৱত অংশগ্ৰহন কৰি শান্তি সম্প্ৰীতি অাৰু ঐক্যৰ বাবে প্ৰাৰ্থনা কৰে।
♦ বডোলেণ্ডৰ শান্তিৰ বাবে প্ৰাৰ্থনা হাগ্ৰামাৰ
ধৰ্মীয় অসহিষ্ণুতা, হিংসা, অশান্তি-অবিচাৰৰ বিপৰীতে শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ অাৰু সমন্বয় ঐক্যৰ উদ্দেশ্যেৰে বেচৰগাঁৱত যোৱা ২১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া কাৰ্যসূচীৰ অাজিৰ অন্তিম দিনৰ কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও অংশগ্ৰহণ কৰি শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। শান্তি অবিহনে প্ৰগতি অসম্ভৱ বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে বিশেষকৈ বিটিএডিৰ বাবে খ্ৰীষ্টান ধৰ্মালৱম্বী লোকসকলক গীৰ্জাত প্ৰাৰ্থনা কৰিবলৈ অাহ্বান জনায়।
অানহাতে নেশ্যনেল বড়ো খ্ৰীষ্টিয়ান কাউন্সিল চমুকৈ এন বি চি চিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে শান্তি-সম্প্ৰীতি অাৰু ঐক্যৰ বাবে অায়োজন কৰা উৎসৱৰ আজি অন্তিম দিনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এলাহাবাদৰ কৃষি কাৰিকৰী আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰেভাৰেণ্ড প্ৰফেচৰ ড: ৰাজেন্দ্ৰ বি .লালে বডোলেণ্ড অঞ্চলৰ শান্তি-সম্প্ৰীতি ভাতৃত্ববোধৰ বাবে প্ৰাৰ্থনা কৰে।
সম মৰ্যদা, সম উন্নয়ন অাৰু সম অধিকাৰৰ সপক্ষে মাত মাতি ড: ৰাজেন্দ্ৰ বি লালে শান্তিয়েই প্ৰথম চৰ্ত হোৱা উচিত বুলি মত প্ৰকাশ কৰে। প্ৰতিকূল বতৰকো নেওচি উৎসৱথলীত হেজাৰ-হেজাৰ প্ৰতিনিধি তথা অৰ্ধ লক্ষাধিক খ্ৰীষ্টিয়ান ধৰ্মালৱম্বীলোক উপস্থিত থাকি উৎসৱথলীত শান্তিৰ জয়গান গায়।