
newsnextone.com | ওদালগুৰিঃ বৃহস্পতিবাৰে ওদালগুৰি আৰক্ষীৰ জালত পৰিল দুই অবৈধ গাঞ্জা ব্যৱসায় কৰা যুৱক। ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাইগাঁও খাওৰাঙত ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই ৬০ কেজি গাঞ্জা, এখন চেণ্ট্ৰা গাড়ী সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে এক খবৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে দিনৰ ১১ বাজি ৩০ মিনিটত সোনাইগাঁৱৰ ৰাজপথত এএছ-১৫-ই-৫৪৭২ নম্বৰৰ চেণ্ট্ৰা বাহনৰ পৰা গাঞ্জাসহ যুৱক দুজনক আটক কৰে।
আটকাধীন যুৱক দুজন বান্দৰগুৰি গাঁৱৰ চৌমখাৰ মোছাহাৰী(৩০) আৰু আংগ্ৰাজুলি গাঁৱৰ মুন্না মোছাহাৰী(২৪) বুলি জানিব পৰা গৈছে। ইয়াৰে মুন্না মোছাহাৰী নামৰ যুৱকজনে নিজকে আলোচনাপন্থী এনডিএফবিৰ সদস্য বুলি চিনাকী দিয়াৰ লগতে তেওঁ পূৰ্বেও টকাৰ বিনিময়ত এনেদৰে গাঞ্জা সৰবৰাহ কৰা বুলি জানিবলৈ দিয়ে।
কচুবিল গাঁৱৰ এজন যুৱকে তিনিহেজাৰ টকাৰ বিনিময়ত গাঞ্জাখিনি ভূটানৰ পৰা পাৰ কৰাই দিব কৈছিল বুলি দুয়ো যুৱকে প্ৰকাশ কৰে। ভূটানৰ পৰা গাঞ্জাখিনি লৈ বাহনখনেৰে আহি থকা অৱস্থাত আৰক্ষীয়ে তালাচী চলাই ৬০ কেজি গাঞ্জা সহ আৰক্ষীৰ জালত পৰে। ওদালগুৰি আৰক্ষীয়ে দুয়োজন যুৱকক থানালৈ আনি গোচৰ ৰুজু কৰি সোধ-পোছ অব্যাহত ৰাখে।