কোকৰাঝাৰঃ এনডিএফবি (সং) ৰ নামত কোকৰাঝাৰ জিলাত সংঘটিত হৈ থকা ধনদাবী ঘটনাৰে সতে জড়িত মুল অভিযুক্তক অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

কোকৰাঝাৰ থানাত ৰজু হৈ থকা গোচৰ নং ১৩৭/২০১৭ মৰ্মে কোকৰাঝাৰ অাৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই যোৱা পৰহি ধুপগুৰী, চিৰাঙৰ টোক্ৰা বসুমতাৰীৰ পুত্ৰ মহেশ্বৰ বসুমতাৰীক নিজ গৃহৰ পৰাই আটক কৰিবলৈ সক্ষম হৈছে।

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত অাৰক্ষী অধীক্ষক টাবুৰাম পেগুৱে সদৰি কৰা মতে কোকৰাঝাৰ জিলাত ধনদাবী ঘটনাৰ সতে জড়িত মুখ্য ব্যাক্তি মনেশ্বৰ বসুমতাৰী ইতিপূৰ্বে দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিল যদিও জামিনত মুকলি হৈ ম্যানমাৰত থকা এনডিএফবি (এচ) কেডাৰ দালাইছাৰ প্ৰত্যক্ষ নিৰ্দেশত জিলাখনৰ বহু ব্যৱসায়ীক ধন দাবী কৰিছিল।

প্ৰাথমিক জেৰাত মনেশ্বৰ বসুমতাৰীয়ে অান এগৰাকী এনডিএফবিৰ লিংকমেনৰ তথ্য ফাদিল কৰাত অাৰক্ষীয়ে দুই নং ধুপগুৰীৰ হৰেন ওৱাৰীৰ পুত্ৰ পুলিয়াছ ওৱাৰীকো অাটক কৰিছে। সম্প্ৰতি অাৰক্ষীয়ে এনডিএফবি(সং)ৰ দুয়োটা লিংকমেনকে অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে।