কোকৰাঝাৰঃ ভয়াৱহ বানপানীৰ কবলত পৰা কোকৰাঝাৰ জিলা সম্প্ৰতি বিপদমুক্ত যদিও মূৰ-কপালে হাত দিছে কৃষকসকলে। বানপানীৰ ফলত জিলাখনৰ ২৪৪৪৫ হেক্টৰ কৃষিভূমি বিনষ্ট হোৱাৰ লগতে প্ৰায় ৫০ হাজাৰ পশুধন আক্ৰান্ত হোৱাত কৃষকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে।

ভয়ংকৰ বানপানীৰ ফলত কোকৰাঝাৰ জিলা অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত জিলা প্ৰশাসনে কোকৰাঝাৰ জিলাত সৰ্বমুঠ ৩৯ টা আশ্ৰয় শিবিৰ মুকলি কৰিছে য'ত ৪৫৭৫৯ গৰাকী বন্যাৰ্তই আশ্ৰয় গ্ৰহণ কৰিছে।

জিলা প্ৰশাসনে বন্যাৰ্তৰ মাজত ৩৫০ কুইণ্টল চাউল, ৬৭ কুইণ্টল দাইল, ২০ কুইণ্টল নিমখ, ১৯৯৫ লিটাৰ মিঠাতেল, ১০০ কুইণ্টল চিৰা আদিকে ধৰি আন কেতবোৰ সামগ্ৰী বিতৰণ কৰা বুলি সদৰী কৰিছে যদিও শান্তিনগৰ, কোৰ্টপাৰা, থানাপাৰা, পাখ্ৰীগুৰি আদিত ধৰি কেতবোৰ অঞ্চলত বানসাহাৰ্য সঠিক মতে নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে।

জিলাখনত ৭ টা গড়কাপ্তানী পথ বানপানীৰ ফলত বিধ্বস্ত হৈছে আৰু অতি শীঘ্ৰে উক্ত পথসমূহ মেৰামতি কৰা হ'ব বুলি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সদৰী কৰিছে। 

ইফালে, বানপানীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে আজি বড়োলেণ্ড অতিথিশালাত আয়োজিত হোৱা এক অনুষ্টুপীয়া অনুষ্ঠানৰ যোগেদি ৰঞ্জনপন্থী এনডিএফবিৰ ৯ গৰাকী কেডাৰে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে।

বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিপিএফত যোগদান কৰা ৰঞ্জনপন্থী এনডিএফবিৰ সদস্যসকলক আৰনাইৰে দললৈ আদৰণি জনাই  উগ্ৰপন্থী সদদ্যসকলক মুলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে।