বিহালীঃ আমি অহাৰ কথা কাকো নকবি৷ যদি কোৱা তেন্তে আগৰ দৰেই তহঁতক মাৰি থৈ যাম৷ যিমানক পাৰো সিমানক মাৰি থৈ যাম৷ এই ভাবুকি এনডিএফবিৰ৷ অসম-অৰুণাচল সীমান্তৰ সোণাজুলিত এনডিএফবি (স) গোটে হাতে হাতে অত্যাধুনিক অস্ত্ৰ লৈ নিশা ভাবুকি দি সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷

যোৱা ১৯ ছেপ্তেম্বৰৰ গভীৰ নিশা অস্ত্ৰ-সস্ত্ৰৰে সহিতে সুসজ্জিত এটি যুৱকৰ দলে বিশ্বনাথ জিলাৰ সীমান্তৰ সোণাজুলিৰ ডাউদ চোৰেন নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি বড়ো মহিলা আৰু যুৱকক বিচাৰ-সোচাৰ কৰে৷ কেৱল ডাউড চোৰেণৰ ঘৰতে নহয় একাংশ লোকৰ ঘৰলৈ গৈ যুৱকৰ দলটোৱে সন্ধানহীন বড়ো মহিলা আৰু যুৱকক বিচাৰি অহা বুলি কৈ 'আমি অহাৰ কথা কাকো নকবি নহ'লে, পূৰ্বৰ দৰেই নৰসংহাৰ কৰিম' বুলি ভাবুকি দি আঁতৰি যায়৷

এনডিএফবি(স)ৰ গোটৰ সদস্য বুলি সীমান্তবাসীয়ে সন্দেহ কৰিছে৷ ২০১৪ চনৰ ২৩ ডিচেম্বৰত এনডিএফবি (স)ৰ নৰসংহাৰৰ ভয়াৱহ স্মৃতি আজিও পাহৰা নাই৷ সোণাজুলি-ফুলবাৰীত নৃশংস গণ হত্যাকাণ্ড সংঘটিত কৰাৰ কথা ৰোমন্থন কৰি ৰাইজ আকৌ শংকিত হৈ পৰিছে৷ বিশ্বনাথ আৰক্ষীয়ে সেনাৰ পোছাকত অহা এনডিএফবিৰ সদস্য কেইজনে ৰহস্যজনকভাৱে বড়ো মহিলাক বিচাৰি অহা ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

এগৰাকী বড়ো মহিলা নিৰুদ্দেশ হোৱা বুলি এখন এজাহাৰ দাখিল কৰিছে সীমান্তৰ ৰাইজে৷ আনহাতে সীমাংপুৰ নামৰ গাঁৱৰ এজন আদিবাসী যুৱকো নিৰুদ্দেশ হৈ আছে৷ বড়ো মহিলা আৰু যুৱকজনে একেসময়তে নিৰুদ্দেশ হোৱা ঘটনাৰ পিছতে দুয়োখন গাঁৱৰ ৰাইজে ৰাজহুৱা বিচাৰো অনুষ্ঠিত কৰে৷ ৰাইজে ৰাজহুৱা বিচাৰ কৰি ঘটনাক মিমাংসা কৰাৰ সময়তে উগ্ৰপন্থীয়ে বড়ো মহিলাক বিচাৰি অহা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকে আজি সোণাজুলি পৰিদৰ্শন কৰে৷