মঙলদৈঃ দৰং আৰু কামৰূপৰ সীমান্তৱৰ্তী বামুনঝাৰৰ পৰা আটক হয় দুধৰ্ষ এনডিএফবি এছৰ কেদাৰ ৰতন বড়ো। কলাইগাওঁ বৰঙাবাৰী আৰ্মি কেম্প আৰু বুঢ়া আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা চলোৱা এক যুটীয়া অভিযানত কৰায়ত্ব কৰিবলৈ সক্ষম হয় কেদাৰ জনক।

ধৃত কেদাৰ জনৰ পৰা এটা 9 mm পিষ্টল আৰু তিনিজাই সক্ৰিয় গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ধৃত ৰতন বড়ো আগতেও গাড়ী চুৰি চক্ৰৰ লগতো জড়িত আছিল জানিব পৰা গৈছে।