06
Sep
2017

নামতিঃ শিৱসাগৰ জিলাৰ হাইস্কুল শিক্ষক সন্থাৰ ৪৫ সংখ্যক অধিৱেশন খন অহা ডিচেম্বৰ মাহত গৌৰীসাগৰ দূৰ্লভ গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব৷ অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ পাবলগীয়া "মুখপাত্ৰ" নামৰ আলোচনী খনৰ বাবে গল্প, প্ৰৱন্ধ, কবিতা, ৰস-ৰচনা, অনুবাদ গল্প আদি লেখা বিচৰা হৈছে৷
ইচ্ছুক লেখক সকলক লেখা সমূহ অহা ২০ চেপ্তেম্বৰৰ ভিতৰত শিৱসাগৰ জিলা পৰিদৰ্শক অজিত গগৈ অথবা নামতি চাৰি আলি, নিউ বুক ষ্টললৈ প্ৰেৰণ কৰিবলৈ মুখপাত্ৰৰ সম্পাদক মনোজ কুমাৰ বৰুৱাই অনুৰোধ জনাইছে৷ ইয়াৰোপৰি সবিশেষ জানিবৰ বাবে ৯৮৫৪৪৮১১৮৩ নম্বৰত যোগাযোগ কৰিব পাৰিব।