
লংকাঃ মাতৃৰ হাতত ধৰি খোজকাঢ়িব শিকিছিল তেওঁ৷ মাতৃৰ হাতত ধৰি এদিন তেওঁ স্কুললৈ গৈছিল৷ পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিল তেওঁ৷ পঢ়াৰ বাহিৰে আন কথা নাভাবি ডাঙৰ মানুহ হ’ব বিছাৰিছিল তেও৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান তেও৷
প্ৰতিদিনে মাতৃৰ চকুলো দেখি ডাঙৰ হৈছে তেও৷ শৈশৱ কালতে পিতৃয়ে ভৰণ পোষণ দিয়াৰ দায়িত্ব নলৈ পৰিয়ালটোক এৰি থাকিবলৈ লোৱাত ডাঙৰ মানুহ হোৱাৰ সপোন ভাঙি চূৰমাৰ হৈছিল তেওৰ৷ প্ৰায় জনা হোৱাৰ পৰাই পঢ়া-শুনি এৰি মাতৃৰ দায়িত্ব লৈ দিন হাজিৰা কৰি খেতি কৰি আইতাক আৰু মাতৃ সহ পৰিয়াল চলাব লগা হয়৷ দিনহাজিৰা কৰি খেতি কৰি পৰিয়াল পোহপাল দিয়া বিপুলৰ এতিয়া ২৮ বছৰ বয়স৷
২৮ বছৰীয়া বিপুলৰ ঘৰ হোজাই জিলাৰ ২নং কাকীত৷ বিপুলে এতিয়া হাজিৰা কৰিব খেতি কৰিব নোৱাৰে৷ কিয়নো বিপুল এতিয়া বিচনাৰ সংগী৷ বিচনাতে শুই দিন পাৰ কৰিছে। বিপুলে মাতৃ আৰু বৃদ্ধা আইতাকৰ সৈতে দিন পাৰ কৰিছে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী তথা ঘৰৰ একমাত্ৰ সন্তান আছিল বিপুল। এসময়ত দিন হাজিৰা অথবা নিজৰ আপোন খেতিডৰাতে খেতিবাতি কৰি পৰিয়াল পোহপাল দিছিল৷
বিপুলৰ আজি সেই খেতিডৰা নাই। আজিকালি দিন হাজিৰাও কৰিব নোৱাৰে। হয়, বিপুল বৰা নামৰ ২নং কাকীৰ এই যুৱকজন যোৱা এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈছে। বিপুলৰ চিকিৎসাৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন হোৱাত খেতিমাটি বন্ধকত থোৱাৰ উপৰিও ভেটিটোৰ বাহিৰে সকলো সম্পত্তি বিক্ৰী কৰে দৰিদ্ৰ পৰিয়ালটোৱে। বিগত এটি বছৰ ধৰি সম্পত্তি বিক্ৰী কৰি পোৱা ধনেৰে বিপুলৰ চিকিৎসা কৰি এতিয়া পৰিয়ালটো নিৰুপায়।
দুবেলা দুমুঠি অন্নৰ যোগাৰ কৰিবলৈকো এতিয়া যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে বিপুলৰ মাতৃয়ে। নিজৰ সন্তানকলৈ নানান ৰঙীন সপোন দেখা মাতৃ মিনু বৰাই পুত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন গোটাবলৈ গুৱাহাটীৰ এটা প্লাষ্টিকৰ কোম্পানীত কাম কৰে। মাতৃয়ে চকুলো টুকি কলে বিগত কিছুদিন ধৰি ধনৰ অভাৱত ঔষধ কিনিব পৰা নাই৷ যাৰ বাবে বিপুলৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে।
মাতৃয়ে হাতত চিকিৎসকে লিখি দিয়া বিধান পত্ৰ খন চৰকাৰ তথা অসমবাসীৰ পৰা সহায় বিছাৰিছে৷ যকৃতত পানী জমা হোৱা, হাত ভৰি ফুলি যোৱা, শৰীৰত তেজৰ অভাৱ হোৱা এইজন যুৱকজনৰ চিকিৎসাৰ খৰছ চৰকাৰক বহন কৰিবলৈ অনুৰোধ জনাইছে চৰ চুবুৰীয়াই। আপুনিও বিপুলক সুস্থ হোৱাৰ বাবে সহায় কৰিব পাৰে৷ ইউ বি আই বেংকৰ ১৩৬৫০১০১০৫৪০৩ নম্বৰৰ একাউন্টত যোগে নতুবা ৮৭৩২৮৬৪৫৭৬ নম্বৰত বিপুলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি সহায় আগবঢ়াব পাৰিব।