
লাহোৱালঃ বৰ্তমান অসমত 'টেট' মাথোঁ এটা শব্দ নহয়। 'টেট' অসমৰ প্ৰতিভাৱান যুৱ প্ৰজন্মৰ আৱেগ, ‘টেট’ এক বৌদ্ধিক আন্দোলন। প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে সামৰি লোৱা পৱিত্ৰ টেট শিক্ষাবৃত্তি সম্প্ৰতি অসমৰ ৰূপান্তৰৰ যাত্ৰাৰ অন্যতম প্ৰতিভূ। গ্ৰন্থৰ মাজত মানুহৰ সভ্যতা-সংস্কৃতি সংৰক্ষিত হৈ থাকে।
অসমৰ ৰূপান্তৰৰ যাত্ৰাৰ নতুন সেনানী টেট শিক্ষকসকলৰ এটি সৃষ্টিকৰ্মক এডাল সূতাৰে বান্ধি ৰখাৰ মানসেৰে 'টেট শিক্ষকৰ কবিতা' শীৰ্ষক এখনি কবিতাৰ সংকলন প্ৰকাশৰ দিহা কৰা হৈছে। অহা নৱেম্বৰ ২০১৭ত গুৱাহাটী গ্ৰন্থমেলাত প্ৰকাশ পাবলগীয়া গ্ৰন্থখনিৰ বাবে অহা ১০ অক্টোৱৰৰ ভিতৰত পোৱাকৈ আগ্ৰহী টেট শিক্ষক কবিৰ পৰা তলৰ ঠিকনাত কবিতা আহ্বান কৰা হৈছে।
কাব্য চৰ্চা কৰা টেট শিক্ষক-শিক্ষয়িত্ৰীসকলে কমেও দুটাকৈ কবিতা আৰু কবিতাৰ লগত নিজৰ নাম-ঠিকনা তলৰ ঠিকনাত পঠিয়াবলৈ অনুৰোধ জনাইছে। এইক্ষেত্ৰত অসমৰ সমূহ টেট শিক্ষক-শিক্ষয়িত্ৰীৰ আন্তৰিক সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে৷
কবিতা পঠিওৱাৰ ঠিকনা- হোৱাটচএপ যোগে- দ্বীপৰাজ- ৮৪৭৩৯৩৪৬৯৩, ধীমান বৰ্মন- ৮৪৭২০৪৩৮৩৫, দিগন্ত নিবিড় কাশ্যপ- ৮০১১৯২০৪৪৮, কিশোৰ মনজিৎ বৰা- ৯৮৫৪৮৪৮৩৫৯৷
অথবা ডাকযোগে কবিতা পঠিওৱাৰ ঠিকনা- ধীমান বৰ্মন, পাঠশালা, ডাকঘৰ- পাঠশালা, লাচিত নগৰ, ৱাৰ্ড নম্বৰ-১, বৰপেটা- ৭৮১৩২৫,
দ্বীপৰাজ, মাৰফৎ- যতীন্দ্ৰ চৌধুৰী, প্ৰফেচাৰ কলনি, আনন্দৰামপুৰম, উত্তৰ গুৱাহাটী- ৭৮১০৩০,
কিশোৰ মনজিৎ বৰা, অদিতি ভৱন, গড়কাষৰীয়া, মগৰাহাট (কালুগাঁও), শিৱসাগৰ- ৭৮৫৬৬৬,
দিগন্ত নিবিড়, হেঙুলী প্ৰকাশ, পাঠশালা- ৭৮১৩২৫, বৰপেটা।