
নগাঁওঃ নেহৰু যুৱ কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত স্বেচ্ছাসেৱী সংগঠন স্বাস্থ্য সেৱা আৰু জনকল্যাণ পৰিষদৰ সহযোগত বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ মুকলি মঞ্চত দেওবাৰে 'সংকল্পই সিদ্ধি' শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটি বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভানেত্ৰী নমিতা বৰা হাজৰিকাৰ বন্তি প্ৰজ্বলনৰ দ্বাৰা শুভাৰম্ভ কৰা হয়।
নেহৰু যুৱ কেন্দ্ৰ, নগাঁৱৰ সমন্বয়ক জীতেন্দ্ৰ সিঙে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যাপক দেৱজিত মহন্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছ ভাৰত মিছনৰ নগাঁও জিলা সমন্বয়ক ৰেকিব উদ্দিন আহমেদ, সমাজকৰ্মী তথা অধিবক্তা বদৰুজা চৌধুৰী, শিক্ষক বেনুধৰ বৰুৱাই স্বচ্ছতা, দুৰ্নীতি নিৰ্মূলকৰণ, জাতিভেদ সম্প্ৰদায়, দৰিদ্ৰতা নিৰ্মূলকৰণ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে।
আনহাতে, আনুষ্ঠানটিত স্বাস্থ্য সেৱা আৰু জনকল্যাণ পৰিষদৰ সভাপতি মন্টু বৰুৱা, সম্পাদক মফিদুল ইছলামৰ লগতে অঞ্চলটোৰ বিভিন্ন আত্ম সহায়ক গোট, ক্লাব, সংস্থাৰ সদস্যসকল উপস্থিত থাকে।