18
Sep
2017

জাগীৰোডঃ ১৫ চেপ্তেম্বৰৰ পৰা নিখোজ হৈ থকা এগৰাকী চালকৰ মৃতদেহ হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয় মৰিগাঁৱৰ নেলীত৷
দেওবাৰে নিশা নেলীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ তলত মৃতদেহটো উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷
ডিঙি আৰু হাত গামোছাৰে বন্ধা অৱস্থাত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো৷ মৃতদেহটো গুৱাহাটীৰ বিৰুবাৰীৰ শ্বেখৱাট আলি (৫৪) বুলি আৰক্ষ্চিষীয়ে চিনাক্ত কৰে। গাড়ী চুৰি চক্ৰই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ৷ যোৱা ১৫ চেপ্তেম্বৰত AS-01-BB-2378 নম্বৰৰ ইণ্ডিগ বাহন সহ নিখোজ হৈ আছিল আলি।