27
Apr
2017

ডিজিটেল ডেস্কঃ বিমূদ্ৰাকৰণৰ পিছত এইবাৰ নতুন মূদ্ৰা উলিওৱাৰ দিশে সাজু হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতীয় জাতীয় আৰ্কাইভৰ ১২৫ তম বৰ্ষ উদযাপন আৰু এলাহবাদ হাইকোৰ্টৰ ১৫০ তম বৰ্ষপুতি উদযাপনৰ হেতুকেই নতুন ১০ টকা আৰু ৫ টকাৰ মুদ্ৰা উলিওৱাৰ সিদ্ধান্ত লৈছে ৰিজাৰ্ভ বেংকে।
১০ টকাৰ মূদ্ৰাৰ এফালে জাতীয় আৰ্কাইভৰ বিল্ডিঙৰ ছবি খোদিত কৰা থাকিব আৰু ছবিখনৰ ঠিক তলতেই লিখা থাকিব ১২৫ বছৰ বুলি।
আনহাতে ৫ টকাৰ মূদ্ৰাটোত থাকিব এলাহবাদ উচ্চ ন্যায়ালয়ৰ বিল্ডিঙৰ ছবি আৰু তলত লিখা থাকিব ১৮৬৬-২০১৬।
অৱশ্যে পূৰ্বৰ ১০ টকাৰ আৰু ৫ টকাৰ মূদ্ৰাসমূহো আগৰ দৰেই চলি থাকিব বুলি জানিবলৈ দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে।