ডিজিটেল ডেস্কঃ শীঘ্ৰে বজাৰত নতুন ৫০০ টকীয়া নোট মুকলি কৰাৰ প্ৰস্তুতিৰ চলাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে৷ উক্ত নোটসমুহত সন্নিবিষ্ট থাকিব ইংৰাজী বৰফলাৰ A আখৰটো৷

নোটবোৰত স্বাক্ষৰ থাকিব আৰবিআইৰ গভৰ্ণৰ উৰজিত আৰ পেটেলৰ। মঙলবাৰে এই কথা ঘোষণা আৰবিআইৰ।

নতুন নোট ওলালেও বজাৰত চলিব বৰ্তমান চলি থকা ৫০০ টকীয়া সমুহ৷ উল্লেখ্য যে বিমুদ্ৰাকৰণৰ পিছতেই নতুনকৈ ছপা কৰা হৈছিল ৫০০ টকীয়া নোটবোৰ৷