গৌৰীসাগৰঃ বহু দিনৰ প্রতীক্ষাৰ অন্তত আজি শিৱসাগৰ জিলাৰ দিখৌমুখ মহাবিদ্যালয়ত গঠন কৰা হয় সদৌ অসম ছাত্র সন্থাৰ দিখৌমুখ মহাবিদ্যালয়ৰ বিশেষ গোট৷ উল্লেখ্য যে দিখৌমুখ আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা সত্যব্রত গোস্বামীয়ে সভাপতিত্ব কৰা সভাত আজি ৪১ জনীয়া এটা গোট গঠন কৰা হয় দিখৌমুখ মহাবিদ্যালয়ত৷ 

ছাত্র গোটটোৱে মহাবিদ্যালয় খনৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতক, ক্রীয়া, সাংস্কৃতিক সকলো ক্ষেত্রতে মহাবিদ্যালয়খনক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেই গঠন কৰা হৈছে মহাবিদ্যালয় খনত ছাত্র গোটটো৷ গোট গঠন অনুষ্ঠানত ছাত্র সন্থাৰ জিলা সদস্য অভিজিত বড়া, দিখৌমুখ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অংকুৰ ওজা, সম্পাদক ত্রিদীপ কলিতা আৰু ছাত্র সংগঠনটোৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷

আজিৰ ৪১ জনীয়া সমিতিৰ সভাপতি হিচাপে প্রঞ্জল বৰুৱাক আৰু সম্পাদক হিচাপে দেৱাশীষ কলিতাক দ্বায়িত্ব অৰ্পন কৰা হয়৷