10
Oct
2017

গোৱালপাৰাঃ গোৱালপাৰা চহৰৰ বাপুজী নগৰৰ ছোৱালী মহাবিদ্যালয় পথৰ দাঁতিত আজি এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কোনো লোকে অবৈধ মাতৃত্বৰ পৰা ৰক্ষা পাবলৈ এনেদৰে পেলাই থৈ গৈছে৷
উল্লেখ্য যে, পূৰ্বতেও একে ঠাইতে দুটা নৱজাতকৰ মৃতদেহ উদ্ধাৰ হৈছিল বুলি জানিব পৰা গৈছে৷ ৰাইজৰ অভিযোগ মতে ওচৰতে থকা হস্পিতালত হোৱা অবৈধ নবজাতক বোৰক এনেদৰে পেলাই থৈ যায়৷
নৱজাতক দেহত হস্পিতালৰ চেলাইন দিয়াৰ চিন দেখা পোৱা যায় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷