কাৰ্বি আংলংঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ এক শক্তিশালী আঞ্চলিক সমিতি বকলীয়াঘাট আঞ্চলিক সমিতিখন আজি পুনৰ গঠন কৰা হয়৷ এদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় কক্ষত সমাজকৰ্মী ব্ৰজ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আঞ্চলিক সমিতিখন পুনৰ গঠন হয়৷

সভাত প্ৰতিনিধি সকলৰ সৰ্বসন্মতিক্ৰমে ৰাজীৱ দাসক সভাপতি, মুকুন্দ বৰাক উপ-সভাপতি, অক্ষয় কোচক সাধাৰণ সম্পাদক, চুনু দত্ত আৰু দিপজ্যোতি দাসক সহকাৰী সম্পাদক হিচাপে লৈ ২৪ জনীয়া বকলীয়াঘাট আঞ্চলিক সমিতিখন গঠন কৰা হয়৷ এই সমিতিখনক পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে দ্বায়িত্বভাৰ অৰ্পণ কৰে৷

যুৱ-ছাত্ৰ পৰিষদৰ বকলীয়াঘাট আঞ্চলিক সমিতিৰ পুনৰ গঠন সভাত পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক অপূৰ্ব দাস আৰু সাংস্কৃতিক সম্পাদক প্ৰহ্লাদ কোচ উপস্থিত থকাৰ লগতে আন আন বিষয়ববীয়াও উপস্থিত থাকে৷