ডিব্ৰুগড়ঃ সততে  অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় নগৰ সমিতিখন অলপতে ডিব্ৰুগড়স্থিত বংগাল গাঁৱৰ ৰাজহুৱা প্ৰক্ষাগৃহত পুনৰ গঠন কৰা হয় ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা সঞ্জয় বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডিব্ৰুগড় নগৰ সমিতি খন ৰূপম দাস সভাপতি সত্যজিৎ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ ২৮ জনীয়া সমিতি গঠন কৰা হয়৷

সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গিৰিণ চেতিয়া, সাধাৰণ সম্পাদক ৰাজীৱ গগৈ অাৰু পৰ্যবেক্ষক অভিজিৎ গগৈ উপস্থিত থাকে৷