08
Nov
2017

মোৰাঝাৰঃ ডবকাৰ সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ ডবকা প্ৰেছ ক্লাবৰ এখন সভা মঙলবাৰে অনুষ্ঠিত হয়৷ সভাত আব্দুল হান্নান তালুকদাৰক সভাপতি বাবুল হুছেই তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে লৈ ডবকা প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন কৰা হয়৷
ডবকা আনফৰ আলী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হাচিনুচ চুলতান, অধিবক্তা ফৰিদা ফাৰহানা আহমেদক জ্যেষ্ঠ উপদেষ্ঠা, ইছমাইল আলীক জ্যেষ্ঠ কাৰ্যবাহী দিলুৱাৰ হুছেইন, ছৈফ উদ্দিন লস্কৰ, শ্বৰিফ উদ্দিন লস্কৰক কাৰ্যবাহী সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰা হয়৷
প্ৰেছ ক্লাৱে ডবকাৰ বাহিৰৰ একাংশ সংবাদকৰ্মীয়ে ডবকাৰ বাহিৰত যেনে যমুনামূখ, নীলবাগান, মোৰাঝাৰ আদি বিভিন্ন স্থানত সংঘটিত হোৱা ঘটনাক শিৰোনামত অনাহকত ডবকাৰ নাম ব্যৱহাক কৰাত ক্ষোভ প্ৰকাশ কৰে সাংবাদিকসকলে৷