25
Jun
2017

গোগামুখঃ ধেমাজি জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ নতুন কমিটিখন আজি গঠন কৰা হয়। জিলাখনত থকা এক মাত্ৰ স্থায়ী সাধনী ভৱনত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভাত জিলাখনৰ সকলো আঞ্চলিক সমিতিৰ অংশগ্ৰহণত গঠন কৰা হয় নতুন সমিতিখন।
ৰঞ্জিত বৰুৱাক সভাপতি আৰু তিম চুতীয়াক সম্পাদক হিচাপে লৈ পুৰণি সমিতিখন ভংগ কৰি গঠন কৰা হয় ২৯ জনীয়া নতুন সমিতি।
চুতীয়া জাতিৰ মহিলা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা অৰ্পনা চুতীয়াইয়ো এই সভাত উপস্থিত আছিল। কেন্দ্ৰীয় সমিতিৰ সম্পাদক গিৰিন চুতীয়া লগতে সংগঠটোৰ বহু কেইজন বিষয়ববীয়ায়ো আজিৰ সভাখনত অংশগ্ৰহণ কৰে।