
শিৱসাগৰঃ শিৱসাগৰ নগৰৰ সমীপৰ ৰূদ্ৰসাগৰৰ পুৰণি পুখুৰী পাৰৰ যুৱক সকল একত্ৰিত হৈ ৰূপহী বিল সন্মিলিত যুৱ সংঘ নামেৰে এক নতুন সংঘ গঠন কৰে।
পুৰণি পুখুৰী বৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সভাত তথা ৰূদ্ৰসাগৰৰ বিশিষ্ট সমাজকৰ্মী দিলিপ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বৃহত্তৰ ৰূপহী বিল অঞ্চলটো শিক্ষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অাগবঢ়াই নিবলৈ সভাত সৰ্বসন্মতিমৰ্মে স্থানীয় যুৱ সাংস্কৃতিককৰ্মী প্ৰান্তিক শৰ্মাক সভাপতি, যুৱনেতা জগদীশ চন্দ্ৰ দাসক কাৰ্যকৰী সভাপতি, ধ্ৰুৱজ্যোতি হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰাৰ হয়।
প্ৰিয়াংকু দাসে অাঁতধৰা সভাখনত নিমন্ত্ৰিত অতিথি হিচাপে সমাজসেৱক গুণকান্ত হাজৰিকা, সাংস্কৃতিককৰ্মী মহেশ্বৰ দাস, ৰাজীৱ দুৱাৰা, নৃপেন দাসকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সভাখনত বৃহত্তৰ ৰূপহী বিল অঞ্চলৰ শতাধিক যুৱক-যুৱতী উপস্থিত থাকে।