নলবাৰীঃ অসম সাহিত্য সভাৰ নলবাৰী জিলা সমিতিৰ নতুন সমিতি ঘোষণা কৰা হয় শনিবাৰে৷ ২০১৮-২০২০ বৰ্ষৰ বাবে বিষয়-ববীয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় শনিবাৰে।

নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত বিষয়-ববীয়াৰ নাম ঘোষণা কৰে পৰ্যবেক্ষকে৷

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাপতি গৰাকীয়ে বিভিন্ন শাখা সাহিত্য সমুহে নিৰ্বাচন কৰি পঠোৱা বিষয়-ববীয়াৰ নাম ঘোষণা কৰে। ডাঃ বিপিন চন্দ্ৰ কলিতাক সভাপতি, শিক্ষক, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাক উপ-সভাপতি আৰু সম্পাদকৰ পদত সভাৰ পূৰ্বৰ সম্পাদক অতুল শৰ্মাক নিৰ্বাচিত কৰা হৈছে৷