08
Jul
2019

নতুন দিল্লীঃ সোমবাৰে পুৱা দিল্লীত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। আগ্ৰাৰ ওচৰৰ যমুনা এক্সপ্ৰেছ ৱে’ৰ সমীপত সংঘটিত হয় শোকাৱহ পথ দূৰ্ঘটনা।
দূৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাছখনত থকা ২৯ গৰাকীকৈ যাত্ৰী। নিয়ন্ত্ৰণ হেৰুৱাই পথৰপৰা ১৫ ফুট তলৰ এক দ–খাৱৈত পৰি যায় বাছখন।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়, ইতিমধ্যে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। জানিব পৰা মতে এতিয়ালৈকে ২০ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে। আহত সকলক মূমূৰ্ষ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।