15
Nov
2018

নতুন দিল্লীঃ ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে! এই আপ্তবাক্যশাৰী প্ৰমাণিত হ’ল এজন সেনা বিষয়া ক্ষেত্ৰত।
সেনাৰ ৰিচাৰ্জ এণ্ড ৰাফেলাৰ হাস্পতালত ৩০ বছৰীয়া সৈনিক এজনে পালে নতুন জীৱন।
ছিয়াচিন বেছ হাস্পতালত ব্ৰেইন ডেথ হৈছিল ২৯ বছৰীয়া আন এজন সেনাৰ।
এন কে ৰাও নামৰ সৈনিকজনৰ চিকিৎসা আৰম্ভ হোৱাৰ পাছতেই যুৱকজনৰ জীৱন বচাবলৈ সৰ্বত্রে জনাই দিয়া হৈছিল হৃৎপিণ্ড দানেৰে সহায় কৰাৰ কথা।
একাংশ বিশেষজ্ঞৰ মতে, প্ৰতি বছৰে ভাৰতত প্ৰয়োজনীয় সা-সুবিধা তথা সংৰক্ষণৰ অভাৱত আন কাৰোবাক দান কৰি জীৱন দান কৰাৰ সুবিধা তেনেই সীমিত।
উল্লেখযোগ্য যে অংগদাতা আৰু অংগৰ প্ৰয়োজন থকা লোকৰ কোনো তথ্য নাই চৰকাৰৰ হাতত।
এনে দাতাৰ সংখ্যা বঢ়াবলৈ উপযুক্ত ব্যৱস্থা আছে যুক্তৰাজ্য, ইউনাইটেদ কিংদম, জাপান, নেডাৰলেণ্ডছ আদি দেশত৷