
জোনাইঃ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত মানুহ যন্ত্ৰৰ দৰে ব্যস্ত হৈ পৰিছে৷ যন্ত্ৰৰ দৰে ব্যস্ত মানুহ বোৰে এতিয়া ৱাটছএপ, ফেচবুক, মোবাইলৰ জৰিয়তে যোগসুত্ৰ ৰক্ষাৰ কৰাৰ চেষ্টা চলাই৷
তাহানিৰ তামোল পান লৈ বিয়াৰ বাবে আমন্ত্ৰণ দিবলৈ যোৱাৰ পৰিবৰ্তে এতিয়া মোবাইলত ফোন কৰি নতুবা ৱাটছএপত চিঠি প্ৰেৰণ কৰি বিয়াত আমন্ত্ৰণ জনােৱাৰো প্ৰথা আৰম্ভ হৈছে৷ বিয়া খনলৈ পৰিয়ালৰ লোক এজনে নিমন্ত্ৰণ দিবলৈ যোৱাৰ পৰিবৰ্তে এনেবোৰ পন্থা অৱলম্বন কৰি সময় ৰাহি কৰাৰ চেষ্টা চলাই মানুহে৷
কিয়নো মানুহৰ হাতত সময় নাই৷ মানুহবোৰ এতিয়া যন্ত্ৰ হৈ পৰিছে৷ কিন্তু সভ্যতা, সংস্কৃতি, পৰম্পৰা, লোক কৃষ্টি, গীত-মাত, পূৰ্বপুৰুষৰ স্মৃতি কোনে ধৰি ৰাখিব তাক লৈ চিন্তিত সমাজৰ বয়োজ্যেষ্ঠ লোকসকল৷ এতিয়া সকলোৰে হাতত থকা মোবাইলটোৰে পৃথিৱীৰ খনৰ সৈতে সংপৃক্ত হৈ আহিছে মানুহ৷ পৃতিৱীৰ দ্ৰুত উন্নয়ন এক শুভ লক্ষণ যদিও কলা, সংস্কৃতি, শিল্প আদিত মানুহৰ এনে ব্যস্ততাই কু-প্ৰভাৱ পেলাব নেকি তাক লৈ চিন্তিত হৈ পৰিছে মানুহ৷
এনে চিন্তাৰ মাজতো সমাজত একাংশ লোক আছে যিয়ে ব্যস্ততাৰ মাজতো সভ্যতা, সংস্কৃতি, পৰম্পৰা, লোক কৃষ্টি, গীত-মাত, পূৰ্বপুৰুষৰ স্মৃতি ৰক্ষাৰ বাবে অহৰহ ব্যস্ত হৈ আছে৷
তেওঁলোকৰ মানসিকতা আজিও সলনি হোৱা নাই৷ তেওঁলোকো ব্যস্ত যদিও মাটি আৰু ভেটিৰ পৰা সম্পৰ্ক বিচ্ছিন্ন হোৱা নাই৷ তাৰ মাজতে এগৰাকী শিক্ষয়িত্ৰীয়ে আঠমাহত বই উলিয়ালে ১২৪ ফুট দৈৰ্ঘ্যৰ গমোচাত৷ শিক্ষয়িত্ৰীগৰাকীয়ে গামোচাত বই উলিয়ালে জগতগুৰু শংকৰ দেৱৰ প্ৰতিচ্ছবি৷
একালগে বই উলিয়ালে ৩৪টা বৰগীত৷ এক নতুন ইতিহাস সৃষ্টি কৰি গৌৰৱ অৰ্জন কৰে জিনু চুতীয়া নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে৷ অসমীয়া সমাজত গামোচা অতি আদৰৰ বস্ত্ৰ৷ বগা দীঘলীয়া কপাহী সূঁতাৰে বিশেষভাৱে বই উলিওৱা আদৰৰ গামোচা খন তৈয়াৰ কৰে ৮ মাহত৷
১২৪ ফুট দৈৰ্ঘ্যৰ গামোচাত জগতগুৰু শংকৰদেৱ আৰু ৩৪টা বৰগীত বই উলিয়াই একপ্ৰকাৰ নতুন ইতিহাস ৰচনা কৰিলে জিনু চুতীয়াই৷ গাঁৱৰ মহিলাই নতুন ইতিহাস সৃষ্টি কৰে৷ গ্ৰাম্য অঞ্চলৰ মহিলাৰ হাতৰ পৰশত সৃষ্টি হ’ল নতুন ইতিহাস৷
৮ মাহ ধৰি তাঁতৰ শালত বহি বই উলিয়াই ধেমাজিৰ শিক্ষয়িত্ৰী জিনু চুতীয়াই৷ জিলা খনৰ জোনাইৰ কমলপুৰ নিবাসী তথা মূৰ্কংচেলেক জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰতি শনিবাৰ আৰু দেওবাৰে জোনাইৰ বহু ছাত্ৰ-ছাত্ৰীক শিল্প কলাৰো প্ৰশিক্ষণ দিয়ে৷ তাতঁশালত বহি ১২৪ ফুট দৈৰ্ঘ্যৰ গামোচাত মহাপুৰুষ শংকৰদেৱৰ ছবি আৰু ৩৪টা বৰগীত বই উলিয়াই৷
ধেমাজি জিলাৰ জোনাই মহকুমাৰ শিপিনি, গৃহিনী তথা ক্ষয়িত্ৰীগৰাকীয়ে প্ৰায় আঠ মাহৰ মূৰকত ১২৪ ফুট দৈৰ্ঘৰ গামোচা খন বই উলিয়াই৷ জোনাইৰ কমলপুৰ নিবাসী তথা মূৰ্কংচেলেক জাতীয় বিদ্যালয়ত শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰতি শনিবাৰ আৰু দেওবাৰে জোনাইৰ বহু ছাত্ৰ-ছাত্ৰীক আৰ্টৰো শিক্ষা দিয়ে৷
জিনু চুতীয়া বৰুৱাই আঠ মাহ দিনে নিশাই তাতঁশালত বহি ১২৪ ফুট দৈৰ্ঘ্যৰ গামোচাত শংকৰদেৱৰ ছবি আৰু ৩৪টা বৰগীত বাছি উলিওৱাত এতিয়া ধেমাজি জিলাত চৰ্চাৰ বিষয় হৈ পৰিছে৷
গামোচাখন চাবলৈ বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ পূৰ্বে জিনু চুতীয়া বৰুৱাই ১৩ ফুট দৈৰ্ঘ্যৰ গামোচাত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ১০টা গীত বই উলিয়াইছিল। মানুহ যন্ত্ৰৰ দৰে ব্যস্ত হৈ পৰিছে যদিও একাংশ লোকে আজিএ শিল্প সাধনা কৰি ইতিহাস সৃষ্টি কৰাৰ লগতে পৰম্পৰা ধৰি ৰখাত অহৰহ জৰিত হৈ আছে৷ ইয়াৰ দ্বাৰা ইয়াকে প্ৰমাণ হয় যে, ৱাটছএপ, ফেচবুকৰ যুগতো আঠ মাহলৈ তাঁত শালত বহা মানুহ এই খন অসমত আজিও আছে৷