
নগাঁওঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংযোজিত হ’ল এক বিশেষ কক্ষ৷ বয়োজ্যেষ্ঠ লোকসকলৰ সুবিধাৰ্থে স্থাপন কৰা এই বিশেষ কক্ষটি আজি আনুষ্ঠানিকভাৱে বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে মুকলি কৰি দিয়া হয়৷
এই মৰ্মে চিকিৎসালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত নৱ নিৰ্মিত অত্যাধুনিক কক্ষটি শুভ উদ্বোধন কৰে নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিঙে৷ অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল পাটৰ, চিকিৎসালয়খনৰ অধীক্ষক জে আহমেদকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা বিষয়াসকল উপস্থিত থাকে৷