
ডিজিটেল ডেস্কঃ জন্মত বিসংগতি থকা শিশুৰ অভিভাৱকসকলৰ বাবে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনিছে এটা সুখবৰ৷ জন্মৰ পৰা বিসংগতিপূৰ্ণ শিশুসকলৰ চিকিৎসাৰ বাবে গুজৰাটৰ দৰে অসমতো এখন আঁচনি ৰূপায়ন কৰাৰ কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
কলাক্ষেত্ৰত অটল অমৃত যোজনাৰ নগদবিহীন আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই৷
বুধবাৰে দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালৰ উপস্থিতিত অটল অমৃত যোজনাৰ নগদবিহীন আঁচনিৰ শুভাৰম্ভ কৰে৷ উক্ত অনুষ্ঠানতে বিসংগতিপূৰ্ণ শিশুসকলৰ চিকিৎসাৰ বাবে গুজৰাটৰ দৰে অসমতো এখন আঁচনি ৰূপায়ন কৰাৰ কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে শিশুসকলৰ চিকিৎসাৰ বাবে ৰূপায়ন কৰা আঁচনি খনৰ নাম ‘সমৰ্থ অসম’ হ'ব বুলি কয়৷
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটৰ অমৃতম আঁচনিৰ আধাৰত অসমত এই দুখন আঁচনি ৰূপায়ন কৰা হ’ব৷