
গুৱাহাটীঃ ৰাজ্যৰ বিদ্যুৎ বিভাগে নতুন আঁচনি গ্ৰহণ কৰিছে৷ আঁচনি অনুযায়ী মানুহৰ ঘৰৰ পৰিৱৰ্তে বিভাগীয় মন্ত্ৰী পল্লৱলোচন দাসে এতিয়া গছৰ ডাল-পাত, পুখুৰীৰ পাৰৰ হাবি, পদপথত বিদ্যুতৰ সংযোগ দিয়া আৰম্ভ কৰিছে৷
সতীৰ্থ মন্ত্ৰীৰ সভাত শিক্ষকৰ খতিয়ান লৈ থকা দৃশ্য চাই হাঁহি হাঁহি আপোন পাহৰা হোৱা ৰাজ্যৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাসে এই আঁচনিৰ জৰিয়তে ইতিমধ্যে ৩০ জনতকৈ অধিক লোকক একপ্ৰকাৰ হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।
যোৱা ১৪ জুনত এই আঁচনিৰ প্ৰথম চিকাৰ হৈছিল পুষাণ কলিতা নামৰ এজন ছাত্ৰ আৰু আনোৱাৰ হুছেইন নামৰ এজন লোক৷ কৃত্ৰিম বানৰ ফলত পথত জমা হোৱা পানীত পৰি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ অকালতে মৃত্যুক সাৱটি লয় ছাত্ৰজন।
ছাত্ৰজনক বচাবলৈ গৈ আনজন লোকো মৃত্যুমুখত পৰে। জানিব পৰা মতে পুষাণ কলিতা নামৰ ছাত্ৰ জন বিদ্যুৎস্পৃষ্ট হোৱাত আনোৱাৰ হুছেইন নামৰ লোকজনে নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি বছাবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লয় দুয়োজনেই।
যোৱা ২২ জুনত এজাক বৰষুণতে জলমগ্ন হৈ পৰা জুৰোডেৰে সুগম পথৰে দায়িত্ব সমাপন কৰি কৰ্মস্থলীৰ পৰা গৃহ অভিমুখে আহি থকা দুলাল মালাকাৰ নামৰ আন এজন যুৱকে পানীৰ তলত পৰি থকা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাৰত লাগি থিতাতে মৃত্যুক সাৱতি লয়। মাথো কেইদিনমান পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দুলাল৷
ইমানে নহয় যোৱা ১৭ জুলাইত লখিমপুৰ জিলাৰ বগীনদীৰ ১নং কাৱৈমাৰিৰ দুৰ্গা প্ৰসাদ ৰায়ৰ পুত্ৰ আকাশ ৰায় নামৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ এটি পুখুৰীৰ পাৰৰ হাবিৰ মাজত পৰি থকা তাৰত লাগি মৃত্যু হয়৷ বৰশী টোপ বিচাৰি ফুৰোতে পূৰ্বৰে পৰা মাটিত পৰি থকা বিদ্যুতৰ তাঁৰত লাগি থিতাতে মৃত্যু হয় আকাশৰ।
ধৰিত্ৰী ডেকা নামৰ স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰী এগৰাকীয়ে পথত পৰি থকা তাৰত লাগি মৃত্যু হয়। সাত জুলাইৰ সন্ধিয়াৰ ভাগত নৱম শ্ৰেণীত পঢ়ি থকা ভনীয়েকক টিউশ্যনৰ পৰা ঘৰলৈ আনি আছিল ধৰিত্ৰীয়ে। সেই সময়তে নিজ গৃহৰ সমীপত পানীত ছিগি পৰি থকা ২২০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰে ধৰিত্ৰীক স্পৰ্শ কৰে। লগে লগে কৰুণ মৃত্যুক সাবতি লয় যুৱতীগৰাকীয়ে। ভনীয়েকে বায়েকৰ ছটফটনি দেখি চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়াসকল ওলাই আহে যদিও তেতিয়ালৈ ধৰিত্ৰীৰ ছটফটনি বন্ধ হৈ পৰিছিল।
এই চাৰিটা ঘটনা মাথো উদাহৰণ হে৷ যোৱা ১৪ জুনৰ পৰা এতিয়ালৈ পথত পৰি থকা তাৰ, জংঘলত পৰি থকা তাৰৰ লগতে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে কেইবাটাও ৰ্দুঘটনা সংঘটিত হৈ অকালতে প্ৰায় ৩৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ ৰাজ্যৰ সচেতন মহলে শক্তি মন্ত্ৰী পল্লৱ লোচন দাসে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে 'মানুহ মাৰিম' চমুকৈ মা. মা. নামৰ আঁচনি লৈছে বুলিও কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে।
মন্ত্ৰী পল্লৱলোচন শক্তি বিভাগ চলোৱাৰ যোগ্য হয় নে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে৷ কংগ্ৰেছত বিধায়ক হৈ থকা কালত বিসম্বাদ কৰি সময় পাৰ কৰা মন্ত্ৰীগৰাকীয়ে বিসম্বাদ নকৰি চৰকাৰৰ কাম-কাজত সহায় কৰিলে শিক্ষা লাভ কৰি আজি বিভাগ চলাব পাৰিলেহেতেন বুলিও চৰ্চা হৈছে৷
উল্লেখ্য যে, ৰাজ্যত বানৰ কবলত পৰি যিমান লোকৰ মৃত্যু হ'ল তাতকৈ বেছি লোকৰ প্ৰাণ কাঢ়িলে অকামিলা বিদ্যুৎ পৰিষদে৷ গাওঁ-চহৰ সকলোতে একেদৰেই চলিছে পল্লৱৰ বিভাগ।
দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ হাতীশলা ভলুকাবাৰী অঞ্চলত বিদ্যুৎ বিভাগে পাতিছে আৰু এখন মৰণফাণ্ড৷ বিভাগটোৱে হাতীশলা ভলুকাবাৰী অঞ্চলত বাহৰ খুঁটা, গছত তাৰ বান্ধি বিদ্যুৎ সৰবৰাহ কৰাত যিকোনো মুহূৰ্ততে বিপদ আহিব পাৰে বুলি আতংকিত হৈ পৰিছে ৰাইজ৷ হাতীশলা গাঁৱত বিদ্যুতৰ খুঁটাৰ সলনি নাৰিকল গছ, তামোল গছত বিদ্যুৎ পৰিবাহী তাৰ গাঠি বিদ্যুৎ সৰবৰাহ কৰি আহিছে বিভাগটোৱে।
ইয়াৰোপৰি ভলুকাবাৰী গাঁৱতো বাহৰ খুটাৰে বিদ্যুৎ পৰিবাহী তাৰ টানি বিভাগীয় কৰ্তৃপক্ষই কাম চলাইছে। গৰৈমাৰী অঞ্চলৰ বিভিন্ন গাঁৱত ১১ হাজাৰ কেভিৰ ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাৰ জনবসতিপূৰ্ণ গাঁৱৰ মাজেৰে টানি উক্ত ১১ কেভি তাৰৰ তলেদি কোনো নেট নোহোৱাকৈ এল টি তাৰ টানি মৰণফান্দ পাতিছে বিদ্যুৎ বিভাগে। যাৰ পৰিণতিত ভিতৰ দুৱাৰ গাঁৱৰ এজন লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।
দীৰ্ঘ দিন ধৰি হাই ভল্টেজৰ তাৰ চোৱা-চিতা আৰু মেৰামতি নকৰাৰ ফলত কেইমাহমান পূৰ্বে ভিতৰদুৱাৰত ১১ কেভিৰ তাৰ এছ টি লাইনৰ তাৰৰ ওপৰত ছিঙি পৰি গাঁওখনৰ তিনিটা পৰিয়ালৰ ঘৰ ভষ্মীভূত হোৱাৰ উপৰি আব্দুৰ ৰহিম নামৰ এজন ব্যক্তিৰ থিতাতে মৃত্যু হয়।
এনে ঘটনা সংঘটিত হোৱাৰ পিছতো ছয়গাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়া কৰ্মচাৰীয়ে শিক্ষা নলয়। আনহাতে ছয়গাঁও বিদ্যুৎ উপসংমণ্ডলৰ এছ ডি অ’ ৰূপজ্যোতি বৰুৱাই গৰৈমাৰী অঞ্চলৰ আবুল খায়েৰ নামৰ যুৱক এজনক গৰৈমাৰী ফিডাৰ আৰু ছমৰীয়া ফিডাৰ লীজত দি জধে-মধে তাৰ টানি নামে-বেনামে বিদ্যুৎ সংযোগ দি অঞ্চলটোত লুটপাত চলোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।
• inputs from NNO Goroimari •