
ৰঙিয়াঃ নতুন বছৰৰ বাবে সংকল্প ললে এবছুৱে৷ মহিলাক সমাজৰ লগে লগে আগুৱাই নিয়াৰ বাবে নতুন বছৰত কাম কৰিব এবছুৱে৷ ২০১৮ বৰ্ষক সৰ্বাংগীন উন্নয়ন আৰু সজাগতা বৰ্ষ হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে।
দেওবাৰে কামৰূপৰ ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱন প্ৰাংগনত অনুষ্ঠিত এবছুৰ মহিলা সমাৰোহত এই সিদ্ধান্ত গ্ৰহণ কৰে বড়ো জাতিৰ জাতিয় সংগঠনটোৱে। নতুন বছৰটোত ৰাজ্যজুৰি ১৫০০ সভা অনুষ্ঠিত কৰাৰ সংকল্প গ্ৰহণ কৰিছে।
সন্থাৰ মহিলা শাখাৰ সম্পাদিকা ৰংগীনা বৰগয়াৰীয়ে সভাপতিত্ব কৰা সমাৰোহত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৰ উপৰিও সমাৰোহত মহিলা শাখাৰ নেত্ৰী প্ৰতিভা বসুমতাৰী, এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী সমাজ কৰ্মী ডঃ সুনীল কৌল, জেনিফাৰ লিয়াং সহ কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। সমগ্ৰ ৰাজ্যৰ কেইবা শতাধিক মহিলা উপস্থিত থকা সমাৰোহখনত বক্তাসকলে মহিলাসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি কয়৷