নগাঁওঃ পুনৰ এটা বছৰে আমাৰ মাজৰপৰা বিদায় মাগিব আৰু লগে লগে এটি নতুন বৰ্ষই ভূমুকি মাৰিব৷ পূৰ্বৰ সকলো হিংসা-সন্ত্ৰাস, ধৰ্ণা-প্ৰতিবাদ আদিৰ কোলাহল ফালি এই নতুন বছৰটোয়ে যেন কঢ়িয়াই আনিব অলেখ সুখ-শান্তিৰ বতৰা৷ সেয়েহে সমগ্ৰ বিশ্ববাসীৰ দৰে অসমৰ প্ৰতিজন জনতাই তেনে এটা দিনৰ বাবে বহু আশাৰে বাট চাই আছে৷ 

উল্লেখ্য যে, সম্প্ৰতি আমাৰ মাজৰপৰা বিদায় ল’বলৈ ওলাইছে ২০১৮ বৰ্ষই৷ ইফালে, গতানুগতিকতাৰে আৰু কিছু সময়ৰ পিছতেই পদাৰ্পণ কৰিব ২০১৯ বৰ্ষই৷ সেয়ে সকলোৱে নতুন বছৰক আদৰণি জনাবলৈ সাজু হোৱাৰ বিপৰীতে 'থাৰ্টী ফাৰ্ষ্ট' পালনৰ বাবে বিভিন্ন উপায়েৰে প্ৰস্তুতি চলাইছে৷ 

আনকি অত্যুৎসাহী এচামে আকৌ পুৰণি বৰ্ষক বিদায় আৰু নতুন বৰ্ষক আদৰণি জনোৱাৰ নামত কোনো নিৰিবিলি ঠাইলৈ গৈ বনভোজ খাই আনন্দ-স্ফূৰ্তিত মতলীয়া হৈছে৷ কিন্তু বৰ্তমান সৰ্বত্ৰে সৃষ্টি হোৱা এনে এক উৎসৱমুখৰ পৰিৱেশৰ লগতে সমাগত 'থাৰ্টী ফাৰ্ষ্ট'ৰ গইনা লৈ নগাঁও জিলাৰ গ্ৰামাঞ্চলৰ একাংশ চতুৰ অসাধু ব্যৱসায়ীয়ে নিজ খেয়াল-খুচি মতে মাছ আৰু মাংসৰ ব্যাপক মূল্যবৃদ্ধি ঘটোৱাত স্বাভাৱিকতে সৰ্বসাধাৰণ ৰাইজ বিপাঙত পৰিছে আৰু নৱবৰ্ষ আদৰাৰ প্ৰস্তুতিত একপ্ৰকাৰে ব্যাঘাট জন্মিছে৷

নৱবৰ্ষ উপলক্ষে সকলোৱে পাৰ হ’বলৈ আগবঢ়া বছৰটোৰ সকলো দুখ-দুৰ্গতি পাহৰি নতুন বছৰটোয়ে সকলোলৈ সুখ-শান্তিৰ বতৰা কঢ়িয়াই অনাৰ পৰম আশাৰে স্ফূৰ্তি-তামাচাৰে লগে-ভাগে ভোজ-ভাত খোৱাৰ আয়োজন কৰিছে৷ কিন্তু এই ভোজ-ভাতৰ বাবে অতি প্ৰয়োজনীয় মাছ আৰু মাংসৰ প্ৰতি বিধৰে দাম বিগত সপ্তাহৰ তুলনাত কেজিয়ে প্ৰতি ৩০-৫০ টকা পৰ্যন্ত বৃদ্ধি কৰিছে সুবিধাবাদী অসাধু ব্যৱসায়ীসকলে৷

প্ৰাপ্ত তথ্য মতে, জিলাখনৰ নগাঁও চহৰকে প্ৰমুখ্য কৰি প্ৰধান বাণিজ্যিক স্থানসমূহৰ লগতে গ্ৰামাঞ্চলবোৰটো বৰ্তমান ছাগলী মাংস ৫৫০-৬০০ টকা, লোকেল মুৰ্গী ৩৩০-৩৫০ টকা, ব্ৰয়লাৰ মুৰ্গী ২৪০-২৭০ টকা, হাঁহ ৫০০-৫৫০ টকা আৰু গাহৰিৰ মাংস ২২০-২৬০ টকাকৈ প্ৰতি কেজিত অবাধে বিক্ৰী হৈ আছে৷ তদুপৰি মাছৰ বেলিকা লোকেল আৰু চালানী দুয়োবিধ মাছৰে দৰ আগতকৈ এতিয়া প্ৰতি কেজিত ৬০-৯০ টকা পৰ্যন্ত বৃদ্ধি কৰি অসাধু ব্যৱসায়ীসকলে মুনাফা লুটিছে৷ কিন্তু 'থাৰ্টী ফাৰ্ষ্ট' আৰু নৱ বৰ্ষৰ আগমনক কেন্দ্ৰ কৰি নগাঁৱৰ গ্ৰামাঞ্চলত সুবিধাবাদী ব্যৱসায়ীসকলে নিয়ম বৰ্হিভূতভাৱে চৰম মইমতালিৰে এনেদৰে মাছ আৰু মাংসৰ দাম অকল্পনীয়ভাৱে হঠাতে বৃদ্ধি ঘটোৱা কাৰ্যত জিলা প্ৰশাসনে বাধা প্ৰদান কৰি মাছ আৰু মাংসৰ বিক্ৰীৰ দৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও তাকে নকৰাত সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ 

কাজেই, মাছ আৰু মাংসৰ এনে চৰা দামৰ লগতে এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগৰ নিয়ন্ত্ৰণহীনতাৰ বাবে নৱবৰ্ষৰ আগমনক লৈ ৰাইজৰ মাজত উদ্ভৱ হোৱা আনন্দ-উৎসাহ বহু পৰিমাণে ম্লান পৰা দেখা গৈছে৷ গতিকে, অনতি পলমে অসাধু ব্যৱসায়ীসকলক নাকী লগাই মাছ আৰু মাংসৰ দৰ নিয়ন্ত্ৰণেৰে সৰ্বস্তৰ লোকক সমস্যাৰ গৰাহৰপৰা উদ্ধাৰ কৰি সকাহ দিবলৈ জিলা উপায়ুক্তৰ প্ৰতি সচেতন নাগৰিকসকলে অনুৰোধ জনাইছে৷