
নলবাৰীৰ জানিগোগৰ লক্ষ্মী পূজাত ব্যতিক্ৰমী অনুষ্ঠান
নলবাৰীৰ দক্ষিণ প্ৰান্তৰ জানিগোগৰ বালাখাটৰ মাঁ ভগৱতী মন্দিৰ বাকৰিত অনুষ্ঠিত লক্ষ্মী পূজাৰ দিনা সন্ধিয়া এক ব্যতিক্ৰমী সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়৷ পূজা পৰিচালনা সমিতিৰ সভাপতি থানুৰাম ডেকা আৰু সাধাৰণ সম্পাদক প্ৰতুল ডেকাই আঁত ধৰা এক অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক উদগণি মূলক সম্বৰ্ধনা জনোৱা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ দীক্ষিতা সম্ভু, জুবিন ডেকা, পাৰ্থজিৎ ডেকা, ঋতুৰাজ ডেকা, নিৰ্মালী ডেকা আৰু উচ্চতৰ মাধ্যমিকৰ ৰুপজ্যোতি ডেকা, মিনাক্ষী বৰ্মনক পূজা পৰিচালনা সমিতিয়ে সম্বৰ্ধনা জনায় উজ্জল ভৱ্ষ্যত কামনা কৰে। লগতে অনুষ্ঠানত প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত চন্দ্ৰ শৰ্মাকো সম্বৰ্ধনা জ্ঞাপন কৰে সমিতিয়ে৷
১১ অক্টোবৰত নলবাৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ ৰাজহুৱা সভা
ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিত ১৯৩৩ চনৰ পৰাই ধুম ধামেৰে আয়োজন কৰি অহা হৈছে শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ৷ শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলি ৮৪ সংখ্যক ৰাস মহোৎসৱ উদযাপনৰ অৰ্থে অহা ১১ অক্টোবৰৰ সন্ধিয়া ৫ বজাত মন্দিৰ বাকৰিত এখন ৰাজহুৱা সভাৰ আহ্বান কৰা কৰা হৈছে। উক্ত সভাত হৰিমন্দিৰ সমিতিৰ আজীৱন সভ্য আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতি হৰিমন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক নগেন ডেকা, ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, যুটীয়া সম্পাদকদ্বয় পংকজ বৰ্মন আৰু নৰেশ্বৰ কলিতা সহ উদ্যোক্তা সকলে শ্ৰদ্ধাৰে কামনা কৰিছে।