
কাজলগাঁওঃ বিটিএডিত নিতৌ ভূমিষ্ঠ হ’ব ধৰিছে ন’ ন’ উগ্ৰপন্থী সংগঠন৷ বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰত কিছু দিন পূৰ্বে এটি অখ্যাত সংগঠনৰ চাৰিগৰাকী যুৱক অস্ত্ৰ সহিতে ধৰাৰ পাছতে চিৰাং জিলা আৰক্ষীয়ে কালিৰে পৰা চিৰাং-বৰপেটা জিলাত অভিযান চলাই নতুন কৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন ‘নেচনেল ফ্ৰীডম ফাইটাৰ অৱ বড়োলেণ্ড‘ চমুকৈ এন এফ এফ বিৰ অাঠজন সদস্যক গ্ৰেপ্তাৰ কৰে৷
প্ৰায় ৩০ ঘন্টা অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৮টা মোবাইল, দুখন ধন দাবী পত্ৰ, ৩৫ হেজাৰ নগদ টকা৷ সদস্য সকলৰ ভিতৰত এজন ১৭ বছৰৰ কিশোৰে আছে । চিৰাং জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে নাগালেণ্ডৰ পৰা ওদালগুৰি আৰু ওডালগুৰিৰ পৰা বাছেৰে কোকৰাঝাৰলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে চলোৱা অভিযানত বাছৰ পৰা দুজন এন এফ এফ বি সদস্যক কাশীকোট্ৰাত গ্ৰেপ্তাৰ কৰে৷
গ্ৰেপ্তাৰৰ পিছত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চিৰাং জিলাৰ বিভিন্ন ঠাইৰ লগতে বৰপেটা জিলাতো অভিযান চলায়। অভিযানত গ্ৰেপ্তাৰ হোৱা সাতজন সদস্য হৈছে ওদালগুৰিৰ অজয় বসুমতাৰী, চিৰাঙৰ ৰুণীখাতাৰ ছুদেম নাৰ্জাৰী, কোকৰাঝাৰৰ নিজিৰা দৈমাৰী, ওদালগুৰিৰ ৰাজা দৈমাৰী, চিৰাঙৰ ছিদলীৰ ফ্ৰান্সিছ বসুমতাৰী, শোণিতপুৰৰ পৰা আহি বৰপেটাত থাকিবলৈ লোৱা বিশ্বজিত নাৰ্জাৰী, চিৰাঙৰ ৰুণীখাতাৰ বিশ্বজিত বসুমতাৰী।
আৰক্ষী অধীক্ষক শংকৰব্ৰত মেধিয়ে প্ৰকাশ কৰামতে এই নতুন উগ্ৰপন্থী সংগঠনটোত এন ডি এফবি (স)ৰ সদস্যও জড়িত আছে। গ্ৰেপ্তাৰ কৰা ৮ জনৰ মাজত ২ জন এন ডি এফ বি(স)ৰ আছে। ইয়াৰে ছুদেম নাৰ্জাৰী পুৰ্বে গ্ৰেপ্তাৰ হৈ পুনৰ এন ডি এফ বি(স)ত নগৈ এন এফ এফ বি গঠন কৰিছ ৷ লগতে অজয় দৈমাৰীয়ো দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিল। নতুন কৈ গঠন হোৱা উগ্ৰপন্থী সংগঠনটো বিশেষকৈ অপৰাধী তথা এন ডি এফ বি (স)ৰ লোকে মিলিজুলি গঠন কৰিছে য‘ত নাবালাকেকো সদস্য হিচাপে অন্তৰ্ভূক্ত কৰি আহিছে।