ওদালগুৰিঃ ওদালগুৰি আৰক্ষীৰ অভিযানত জালত পৰিল এটি অখ্যাত বড়ো সংগঠনৰ তিনি সদস্য।

আৰক্ষীয়ে হৰিশিঙা আৰক্ষী থানাৰ অম্তৰ্গত হৰিশিঙাত কেইবাঘন্টা অভিযান চলাই নতুনকৈ আত্মপ্ৰকাশ কৰে অখ্যাত সংগঠন নেচনেল ফ্ৰিডম ফাইটাৰ অৱ বড়োলেণ্ড চমুকৈ এনএফএফবিৰ তিনি সদস্যক আটক কৰে।

গোপন খবৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে চলোৱা অভিযানত হৰিশিঙাৰ এক দুৰ্গম ঠাইত আত্মগোপন কৰি অৱস্থাৰ পৰাই আটক হয় যুৱক কেইজন।

আটকাধীন যুৱককেইজনৰ পৰা আৰক্ষীয়ে ২১খন ধনদাবী পত্ৰ, দুটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ওদালগুৰি আৰক্ষীয়ে তিনিজন সদস্যক মাৰাথান জেৰা অব্যাহত ৰাখিছে।