নীল-অভিৰ সোঁৱৰণত কাংঠিলাংচ' জলপ্ৰপাতৰ আৰ্হিত গুৱাহাটী নিৰ্মান হবলগীয়া পূজামণ্ডপ নিৰ্মান নকৰিবলৈ আহ্বান কেএছএৰ ৷
ঐতিহাসিক পৱিত্ৰ কাংঠিলাংচ' জলপ্ৰপাতটোৰ নাম সলনি নকৰিবলৈ দাৱী

newsnextoneডিফু,৮ অক্টোবৰঃ অভিজিৎ আৰু নিলোৎপল নামৰ নিৰীহ চফল ডেকা দুজনৰ অতি নিৰ্মম হত্যাকাণ্ডৰ  চাৰিমাহ কাল উকলি যোৱাৰ পিছত আকৌ সম্প্ৰতি ইয়াকলৈ কাৰবি পাহাৰত সৃষ্ঠি হৈছে আন এক বিতৰ্কৰ ৷ সোপাধৰাৰ সন্দেহত কাৰবি আংলঙৰ ডকমকা থানা এলেকাৰ পানজুৰি কছাৰী গাঁৱত যোৱা ৮ জুনত গুৱাহাটীৰ দুই শিল্পী ক্ৰমে নীলোৎপল দাস আৰু  অভিজিত নাথ গণ উন্মাদনাৰ বলি হৈ কৰুণ মৃত্যু হোৱাৰ পিছত ঘটনাত জড়িত আটাইকেইজন অপৰাধীৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও ন্যায়িক আদালতত চলি থকা সময়তো একাংশ লোকে চ'ছিয়েল মেডিয়াৰ যোগেদি উক্ত ঘটনাক এতিয়াও সজীৱ কৰি ৰাখিবলৈ পৱিত্ৰ কাংঠিলাংচ' জলপ্ৰপাতৰ নাম সলনি কৰিবলৈ মতামত দিয়াক লৈ কাৰবি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ৷

অভিজিৎ- নীলোৎপলৰ হৃদয়বিদাৰক হত্যাকাণ্ড গৰিহনাৰ যোগ্য আৰু দোষীয়ে শাস্তি পোৱাটো অসমৰ ৰাইজৰ লগতে কাৰবি ছাত্ৰ সন্থায়ো কামনা কৰে ৷ কিন্তু একাংশ লোকে বিভিন্ন প্ৰচাৰ মাধ্যমযোগে কাৰবি পাহাৰৰ ঐতিহাসিক আৰু পৱিত্ৰ জলপ্ৰপাতটোক নাম কাংঠিলাংচ' জলপ্ৰপাতৰ সলনি নীল-অভি জলপ্ৰপাত কৰিবলৈ চৰকাৰৰ ওপৰত হেঁচা দি থকা কাৰ্য কেএছএৰ দৃষ্টিগোচৰ হৈছে ৷ কেএছএই কোনো কাৰণতে কাংঠিলাংচ' জলপ্ৰপাতৰ নাম সলনি হোৱা নিবিচাৰে, আনহাতে সমাগত শাৰদীয় দুৰ্গোৎসৱৰ সময়ত গুৱাহাটীৰ বেলতলা স্থিত  লক্ষীমন্দিৰত পূজা সমিতিয়ে নীল-অভিৰ সোঁৱৰণত পূজামণ্ডপক কাংঠিলাংচ' জলপ্ৰপাতৰ আৰ্হিত নিৰ্মান কৰিবলৈ লৈছে বুলি কেএছএই জানিব পাৰিছে ৷ 

কাংঠিলাংচ' জলপ্ৰপাতৰ নাম সলনি কৰা আৰু নীলোৎপল-অভিজিতৰ সোঁৱৰণত পূজা মণ্ডপৰ আৰ্হি "কাংঠিলাংচ' জলপ্ৰপাত"নিচিনাকৈ নিৰ্মান কৰি  পাহাৰীয়া জিলাখনক পুণৰবাৰ লজ্জানত কৰা হব বুলি মন্তব্য কৰে কেএছএৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰদ্বয় চাৰকিৰি ৰংফাৰ আৰু হাৰলংবি ক্ৰামছাই ৷ 

আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি কেএছএ মুখপাত্ৰ দ্বয়ে গুৱাহাটীৰ বেলতলা স্থিত লক্ষীপূজা মণ্ডপ কাংঠিলাংচ' জলপ্ৰপাতৰ আৰ্হিত নিৰ্মান নকৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক অনুৰুধ জনোৱাৰ লগতে  আৰু কোনো কাৰণতে কাংঠিলাংচ' জলপ্ৰপাতৰ নাম সলনি নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে

ছাইদুল ইছলাম, ডিফু